অসম

assam

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন

By

Published : Nov 20, 2020, 9:28 PM IST

17 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া তিৱা স্বায়ত্ব শাসিত পৰিষদৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন ৷ নিৰ্বাচনৰ বাবে কেবাটাও কোষ তৈয়াৰ জিলা প্ৰশাসনৰ ৷ সংবাদমেলৰ জড়িয়াতে এই কথা ঘোষণা মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাসৰ ৷

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন

মৰিগাঁও, 20 নৱেম্বৰ:তিৱা স্বায়ত্ব শাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনৰ বাবে সাজু হৈছে মৰিগাঁও জিলা প্ৰশাসন ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি মৰিগাঁৱৰ জিলা উপায়ুক্ত লীনা দাসে এই কথা ঘোষণা কৰে ৷ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে কেবাটাও কোষ তৈয়াৰ কৰা বুলি উপায়ুক্ত গৰাকীয়ে সদৰী কৰে ৷

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু হোৱাৰ কথা ঘোষণা মৰিগাঁও জিলা প্ৰশাসনৰ

17 ডিচেম্বৰত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ৷ নিৰ্বাচনী আয়োগৰ ঘোষণা অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন হৈছে 25 নৱেম্বৰ । 26 নৱেম্বৰত মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰাৰ পাছত কোনো প্ৰাৰ্থীয়ে যদি তেওঁলোকৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব বিচাৰে তেন্তে 28 নৱেম্বৰত নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব ৷
17 ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা ভোট গ্ৰহণত মুঠ 1,41,429 গৰাকী ভোটাৰে 193 টা ভোট কেন্দ্ৰত ভোটদান কৰিব বুলি জানিব পৰা গৈছে ৷ এই ভোটাৰ সকলৰ ভিতৰত 71600 জন পুৰুষৰ বিপৰীতে 69828 গৰাকী মহিলা ভোটাৰ আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰে ভোটদান কৰিব । ভোটগ্ৰহণ ৰৈ গ'লে 18 ডিচেম্বৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পাছত 19 ডিচেম্বৰত ভোটগণনা তথা প্ৰাৰ্থী সকলৰ ভাগ্য নিৰ্ণয় হ'ব ৷
লগতে পঢ়ক:আলফা (স্বা) ৰ ছেকেণ্ড লেঃ প্ৰান্তিক অসমক আটক

ABOUT THE AUTHOR

...view details