অসম

assam

ETV Bharat / state

Protest demanding regular power supply:বিদ্যুৎ যোগানৰ নিয়মীয়া দাবীত শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি দাহ - আমছু

সঘনাই বিদ্যুৎ কৰ্তনত অতিষ্ঠ মৈৰাবাৰী ৰাইজ ৷ ৰাজপথলৈ ওলাই আহি জ্বলালে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি ৷

protest demanding regular power supply
সঘনাই বিদ্যুৎ কৰ্তনত অতিষ্ঠ

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 4:47 PM IST

সঘনাই বিদ্যুৎ কৰ্তনত অতিষ্ঠ

ধিং, 4 ছেপ্টেম্বৰ :মৈৰাবাৰীত শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি দাহ মৰিগাঁও জিলা আমছুৰ ৷ মৰিগাঁও জিলা আমছুয়ে অসম চৰকাৰৰ শক্তি বিভাগে প্রয়োজনীয় বিদুৎ যোগান ধৰাত সম্পূৰ্ণৰূপে ব্যর্থ হোৱাৰ প্ৰতিবাদত মৈৰাবাৰীত শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সোমবাৰে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে ।

শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

মৰিগাঁও জিলাৰ আমছুৰ সভাপতি আশ্বাদুল ইছলামৰ নেতৃত্বত সোমবাৰে আমছুৰ কৰ্মীসকলে মৈৰাবাৰী বজাৰৰ মূল চাৰিআলিত প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰি 'অসম চৰকাৰ শক্তি বিভাগৰ কাম নাই’, ‘শক্তিমন্ত্রী নন্দিতা গাৰ্লোচাই পদত্যাগ কৰক’, ‘বিদ্যুতৰ সঘন লুকাভাকু সহ্য কৰা নহ’ব' আদি শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন অসম চৰকাৰে নিৰ্বাচনৰ সময়ত ২৪ ঘণ্টাই বিদ্যুতৰ যোগান ধৰিম বুলি কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । উৎকট গৰমত বিদ্যুতৰ সঘন আহ-যাহত ৰাইজ অতিষ্ঠ হৈ পৰিছে । দিনটোৰ এক দুই ঘণ্টাহে কাৰেণ্ট থাকে, তাকো ভল্টেজ একেবাৰে কম । উৎকট গৰমত ছাত্ৰ-ছাত্ৰীৰ পঢ়িব নোৱাৰা অৱস্থা হৈছে ৷ শক্তিমন্ত্রী আছে নে নাই মৈৰাবাৰী ৰাইজে প্ৰশ্ন কৰিছে ।

এইখন চৰকাৰে নিৰ্বাচনৰ সময়ত প্রতিশ্রুতি দিয়ে সঁচা, কিন্তু পিচত কৰ্মত ৰূপায়ণ নকৰে, কেৱল চৰকাৰখনে আঁচনি ঘোষণা কৰাতহে ব্যস্ত আছে বুলি ছাত্ৰ নেতা আশ্বাদুল ইছলামে সাংবাদিকৰ আগত প্ৰকাশ কৰে । নেতা জনে অতি শীঘ্ৰেই চৰকাৰে মৈৰাবাৰীত বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ দাবী জনায় । অন্যাথা পুনৰ আন্দোলনৰ হুংকাৰ দিয়ে আমছুৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক :AAMSU Protest:বিলাসীপাৰাত আমছুৰ অৰ্ধ উলংগ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details