অসম

assam

ETV Bharat / state

নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত মৰিগাঁৱত সংবাদমেল - প'ষ্টেল বেলট

বিধানসভা নিৰ্বাচন সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে মৰিগাঁও প্ৰশাসন । মৰিগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰি জিলা উপায়ুক্ত লীনা দাসে পোষ্টেল বেলটৰ জৰিয়তে ভোটাৰে কেনেদৰে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব সেই বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায় ।

নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত মৰিগাঁৱত সংবাদমেল
নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত মৰিগাঁৱত সংবাদমেল

By

Published : Mar 3, 2021, 2:06 PM IST

মৰিগাঁও,৩ মাৰ্চ: পোষ্টেল বেলটৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮০ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তি আৰু বিশেষভাৱে সক্ষম লোকসকলে । এই সন্দৰ্ভত নিৰ্বাচনী আয়োগে কেতবোৰ নীতি নিৰ্ধাৰণ কৰি দিছে । এই নিৰ্দেশনা মানি চলিহে ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব । মৰিগাঁৱৰ জিলা উপায়ুক্ত লীনা দাসে এক সংবাদমেল সম্বোধন কৰি এই বিষয়ে বিতং তথ্য প্ৰকাশ কৰিছে ।

জিলা উপায়ুক্তগৰাকীয়ে জনোৱা মতে, এইবাৰ নিৰ্বাচনত বিশেষভাৱে সক্ষম তথা ৮০ বছৰৰ ঊৰ্ধ্বৰ ভোটাৰসকলে ভোটদান কৰাৰ বাবে সংশ্লিষ্ট ভোটকেন্দ্ৰলৈ নগ’লেও হ'ব । ১২ ডি ফৰ্মৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে আবেদন জনালেই নিৰ্বাচনী আয়োগে ভোটদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব । জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ সহযোগত বি এল অ’সকলে বেলট পেপাৰ যোগান ধৰিব । পোলিং এজেণ্টে ভোটাৰৰ ঘৰলৈ গৈ পোষ্টেল বেলটৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিব আৰু নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনাই এই ভোটৰো গণনা কৰা হ'ব ।

বিধানসভা নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে সাজু মৰিগাঁও প্ৰশাসন

আনহাতে, ক'ভিড প্ৰটকল মানি সকলো নিৰ্বাচনী বিষয়া, ভোটাৰে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি নিৰ্বাচনী আয়োগে জাননী জাৰি কৰিছে । উল্লেখ্য যে, বিষয়াসকলে বেলট বক্স খোলা বা বন্ধ কৰাৰ সময়ত গ্ল'বছ পৰিধান কৰাটো বাধ্যতামূলক বুলি সদৰী কৰে জিলা উপায়ুক্ত লীনা দাসে ।

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সম্বোধন কৰা এই সংবাদমেলত নিৰ্বাচনী বিষয়া দীপময় ঠাকুৰীয়া, অতিৰিক্ত উপায়ুক্তৰ ৰমী বৰুৱা, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰোহিনী বৰকটকী উপস্থিত থাকি স্বাস্থ্যজনিত দিশত স্বাস্থ্য বিভাগৰ উদ্যোগত লোৱা কেতবোৰ বিশেষ ব্যৱস্থাৰ বিষয়ে জানিবলৈ দিয়ে । আগন্তুক নিৰ্বাচনত যাতে ৰাজ্যৰ বিশেষভাৱে সক্ষম, অশীতিপৰ ভোটাৰসকলে ঘৰতে নিজৰ পচন্দৰ প্ৰাৰ্থীৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে নিৰ্বাচনী আয়োগে এই বিশেষ ব্যৱস্থা হাতত লৈছে ।

লগতে পঢ়ক: অগপ-বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত: ছিপাঝাৰত প্ৰাৰ্থী দাবী অগপৰ

ABOUT THE AUTHOR

...view details