মৰিগাঁও,15 ডিচেম্বৰঃমৰিগাঁৱত তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ককালত টঙালি বান্ধিছে মৰিগাঁও জিলা প্ৰশাসনে । মঙলবাৰে বিয়লি জিলা উপায়ুক্তৰ সভাকক্ষত এক সংবাদ মেল সম্বোধন কৰি উপায়ুক্ত লীনা দাসে কয় যে, আগন্তুক ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনত জিলাখনৰ মুঠ ১৯ টা পৰিষদীয় সমষ্টিৰে এটা সমষ্টিৰ বীনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হোৱাত ১৮ সমষ্টিৰ নিৰ্বাচনৰ বাবে সাজু হৈছে মৰিগাঁও জিলা প্ৰশাসন ।
তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন - উপায়ুক্তৰ সভাকক্ষত
17 ডিচেম্বৰত 187 টা ভোট গ্ৰহণ কেন্দ্ৰত 1,43,655 ভোটাৰে নিৰ্ণয় কৰিব তিৱা স্বায়ত্ব শাষিত পৰিষদৰ প্ৰাৰ্থী সকলৰ ভাগ্য। নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু মৰিগাঁও জিলা প্ৰশাসন ৷

ইয়াৰ অংশৰূপে ১৮০ খন সৰু বৰ যানবাহন, ৪৮৭ গৰাকী বিভিন্ন বিভাগৰ প্ৰীজাইদিং, পুলিং বিষয়া আৰু ৬ টা জনত ৬ গৰাকী জ'নেল, ২৭ টা চেক্টৰত ২৭ গৰাকী চেক্টৰ বিষয়াকে আদি কৰি বিভিন্ন বিভাগৰ বিষয়াক ভোটদান আৰু ভোটগণনাৰ বাবে সাঁজু কৰিছে মৰিগাঁও জিলা প্ৰশাসনে ।
উল্লেখযোগ্য যে, ১৮৭ টা ভোটদান কেন্দ্ৰত ১৪,৩৬৫৫ গৰাকী ভোটাৰে ভোটদান কৰিব ১৭ ডিচেম্বৰত । মনকৰিবলগীয়া ক’ভিড প্ৰটকলৰ বিধি মানি কৰিব লাগিব ভোটদান । সেয়ে ১৮৭ গৰাকী আশা কৰ্মীক প্ৰথমবাৰৰ বাবে নিয়োগ কৰিছে এইবাৰ । ইয়াৰোপৰি যি সকল ভোটাৰৰ শৰীৰৰ উত্তাপ থাকিব সেইসকলে শেষত পিপিকিট পৰিধান কৰাৰ লগতে বিষয়া সকলেও পিপি কিট পৰিধানৰে ভোট গ্ৰহণ কৰাব লাগিব বুলি উপায়ুক্ত গৰাকীয়ে সদৰি কৰে।
লগতে পঢ়কঃ 22 ডিচেম্বৰৰ পৰা SFI ৰ ৰাজ্যজুৰি ছাত্ৰ যুৱ বিক্ষোভ