অসম

assam

ETV Bharat / state

Orders Transfer of Lat Mandal: মৰিগাঁৱত 81 জনকৈ লাটমণ্ডল, কাননগোক বদলিৰ নিৰ্দেশ - বদলিৰ নিৰ্দেশ

মৰিগাঁও জিলাত একেদিনাই 81 জন কৈ লাটমণ্ডল, কাননগোক বদলিৰ বাবে নিৰ্দেশ জাৰি ৷ 81 জন কৈ লাটমণ্ডল, কাননগোক বদলিৰ বাবে নিৰ্দেশ জাৰি কৰিলে মৰিগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ৷

Morigaon DC Orderd Transfer of Lat Mandal
বদলিৰ নিৰ্দেশ

By

Published : Jun 29, 2023, 7:26 AM IST

Updated : Jun 29, 2023, 10:19 AM IST

মৰিগাঁৱত 81 জনকৈ লাটমণ্ডল বদলিৰ নিৰ্দেশ

মৰিগাঁও, 29 জুন: কোনো কাৰণতেই দুৰ্নীতিক প্ৰশ্ৰয় দিয়াৰ নহ’ব ৷ উচিত প্ৰমাণ পালে চক্ৰ বিষয়াসকলৰ বিৰুদ্ধেও গ্ৰহণ কৰিব ব্যৱস্থা ৷ বুধবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মৰিগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ৷

মৰিগাঁও জিলাত একেদিনাই 81 জন কৈ লাটমণ্ডল, কাননগোক বদলিৰ বাবে নিৰ্দেশ জাৰি ৷ 81 জন কৈ লাটমণ্ডল, কাননগোক বদলিৰ বাবে নিৰ্দেশ জাৰি কৰিলে মৰিগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ৷ উল্লেখ্য যে দুদিন পূৰ্বে তথা 26 জুনত মৰিগাঁও ৰাজহ চক্ৰৰ নৱজ্যোতি নাথ নামৰ দন্দুৱা, বনপৰা, লোচনাবৰী লাটৰ লাট মণ্ডলজনক এজন লোকৰ মাটি নামজাৰিৰ বাবে 30,000 টকা দাবী কৰি 15,000 টকা উৎকোচ আদায় লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই ৷ ইয়াৰ পিছতেই তৎপৰ হৈ পৰিছে মৰিগাঁও জিলা প্ৰশাসন ৷

সেই অনুসৰি জিলা আয়ুক্ত দেবাশীষ শৰ্মাই মৰিগাঁও সদৰ ৰাজহ চক্ৰ, মায়ং ৰাজহ চক্ৰ, ভুৰাগাঁও ৰাজহ চক্ৰ, লাহৰীঘাট ৰাজহ চক্ৰ, মিকিৰভেটা ৰাজহ চক্ৰৰ কাননগো সহ সৰ্বমুঠ 81 জন লাট মণ্ডলক বদলি কৰাৰ এক লিখিত নিৰ্দেশ প্ৰদান কৰে ৷

লগতে পঢ়ক :Vegetable prices: ৰাজ্যৰ পাচলি বজাৰত মূল্যবৃদ্ধিৰ জুই; মোনা ভৰাই বজাৰ আনিবলৈ গধুৰ হ’ব লাগিব জেপ !

জিলা আয়ুক্ত গৰাকীয়ে ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষলৈ নিৰ্দেশৰ প্ৰতিলিপি প্ৰেৰণ কৰাৰ বাবে গ্ৰহণ কৰিছে যাৱতীয় ব্যৱস্থা ৷ জিলা আয়ুক্ত গৰাকীয়ে ইটিভি ভাৰতক সদৰি কৰা মতে বুধবাৰে সন্ধিয়া তৎকালে কাৰ্যকৰী হোৱাকৈ তিনিবছৰতকৈ অধিক কাল একেটা ৰাজহ চক্ৰত লাটমণ্ডল ৰূপে কাৰ্যনিবাহ কৰি থকা সংশ্লিষ্ট 81 জন লাট মণ্ডল আৰু কাননগোক জিলাখনৰ আন স্থানলৈ বদলিৰ নিৰ্দেশ জাৰি কৰা হৈছে ৷ জিলা আয়ুক্ত জনে কয় যে, ৰাইজৰ অভিযোগৰ ভিত্তিতে এই ধৰণৰ পদক্ষেপ হাতত লোৱা হৈছে ৷

লগতে পঢ়ক :Assam govt MoU: মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্য চৰকাৰ আৰু ‘পেহলে ইণ্ডিয়া ফাউণ্ডেশ্যন’ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ

Last Updated : Jun 29, 2023, 10:19 AM IST

ABOUT THE AUTHOR

...view details