মৰিগাঁও, 17 জুন: আহাৰ মাহ, এয়া ভৰপক বাৰিষা আৰম্ভ হোৱাৰ সময় ৷ পথাৰৰ বোকা গচকি নাঙলৰ শিৰলুৱে পলসুৱা মাটিত হাৰ জুৰিছে চহা খেতিয়াকে ৷ আহাৰৰ নেৰা-নেপেৰা বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ মূৰত জাপিটো লৈ হাল জোৰৰ সমান্তৰালকৈ আলিৰ পাৰ কটাত ব্যস্ত একাংশ খেতিয়ক ৷
আহাৰৰ ফিৰফিৰিয়া শীতল বতাহজাকে কঢ়িয়াই অনা কেঁচামাটিৰ সুগন্ধিৰ সমান্তৰালকৈ পথাৰৰ পৰা ভাহি আহিছে খেতিয়কে হালৰ গৰুহালক খেদাৰ সুমধুৰ শব্দ৷