মৰিগাঁও, 29 জানুৱাৰী :মৰিগাঁৱত 72 সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এখন ক্ৰিকেট প্ৰতিযোগিতা ৷ উক্ত প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ে মিকিৰভেটা ৰাজহ চক্ৰ দলক পৰাস্ত কৰি চুড়ান্ত খেলত বিজয়ী হয় ।
মৰিগাঁৱত 72 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ক্ৰিকেট প্ৰতিযোগিতা - morigaon cricket competition
72 সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁৱত অনুষ্ঠিত হয় এখন ক্ৰিকেট প্ৰতিযোগিতা ৷ উক্ত প্ৰতিযোগিতাত মায়ং, লাহৰীঘাট, ভূৰাগাঁও, মৰিগাঁও আৰু মিকিৰভেটা ৰাজহ চক্ৰৰ বহুকেইটা দলে অংশ গ্ৰহণ কৰে ।
![মৰিগাঁৱত 72 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ক্ৰিকেট প্ৰতিযোগিতা morigaon-cricket-competition](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10423605-thumbnail-3x2-morigaon.jpg)
শুকুৰবাৰে মৰিগাঁও স্কুল খেলপথাৰৰ অনুষ্ঠিত হোৱা এই চূড়ান্ত প্ৰতিযোগিতাত মিকিৰভেটা ৰাজহ চক্ৰৰ দলে প্ৰথমে বেট ধৰি ১০১ ৰাণ নিৰ্ধাৰণ কৰি দিয়াৰ পিছত মৰিগাঁও চক্ৰৰ বিষয়া কাৰ্যালয়ৰ ক্ৰিকেট দলে 36 উইকেটত 102 ৰাণ সংগ্ৰহ কৰি বিজয়ী হয় ।
উল্লেখ্য যে, এই প্ৰতিযোগিতাত মায়ং, লাহৰীঘাট, ভূৰাগাঁও, মৰিগাঁও আৰু মিকিৰভেটা ৰাজহ চক্ৰৰ বহুকেইটা দলে অংশ গ্ৰহণ কৰে । বঁটা বিতৰণী অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ পেগু, অতিৰিক্ত উপায়ুক্তৰ দেৱযানি চৌধুৰী, মৰিগাঁও চক্ৰ বিষয়া মুন্মী কলিতাৰ প্ৰমূখ্যে সংশ্লিষ্ট বিষয়া সকল উপস্থিত থাকে ।
লগতে পঢ়ক:আমগুৰিত 61নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ