অসম

assam

ETV Bharat / state

গৰু চোৰক কেন্দ্ৰ কৰি মৰিগাঁৱত উত্তেজনা

ঘটনাস্থলীত আৰক্ষী, চিআৰপি উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আৰম্ভ কৰিছে ঘটনা সন্দৰ্ভত প্ৰকৃত তদন্ত ৷ বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আক্ৰমণৰ বলি হোৱা শুকুৰ আলী নামৰ ব্যক্তিজন ৷

গৰু চোৰক কেন্দ্ৰ কৰি মৰিগাঁৱত উত্তেজনাময় পৰিস্থিতি

By

Published : Aug 19, 2019, 5:39 PM IST

মৰিগাঁও,19 আগষ্ট: দেওবাৰে নিশা গৰু চোৰক কেন্দ্ৰ কৰি মৰিগাঁৱৰ পটুৱাকাটাত উত্তেজনাময় পৰিস্থিতি ৷ গৰু চোৰৰ সন্দেহত শুকুৰ আলী নামৰ এজন ব্যক্তিক ঘৰৰ বাৰাণ্ডাৰ খুটাত বান্ধি হাতুৰীয়ে নৃশংসভাবে কোবোৱাৰ লগতে গৰম লোহাই চকু ফুটাই অকথ্য নিৰ্যাতন চলায় একে গাঁৱৰে অজলাম নামৰ এজন ব্যক্তিৰ ৪ পুত্ৰ আৰু দুই নাতিয়ে ৷ এই খবৰ লাভ কৰাৰ পাছতেই ঘটনা স্থলীত আৰক্ষী আৰু চিআৰপি উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে উদ্ধাৰ কৰে শুকুৰ আলীক ৷ পৰৱৰ্তী সময়ত অতি সংকট জনক অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় শুকুৰ আলী নামৰ ব্যক্তিজনক ৷

গৰু চোৰক কেন্দ্ৰ কৰি মৰিগাঁৱত উত্তেজনাময় পৰিস্থিতি

উল্লেখ্য যে আইন হাতত তুলি লবলৈ কুন্ঠাবোধ নকৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা চৰকাৰী গাঁওবুঢ়াকো গতিয়াই বাহিৰ কৰি দিয়ে ঘটনাত জড়িত অজলামৰ লগতে তেঁওৰ পুত্ৰ আৰু নাতি ক্ৰমে তছিৰত আলী, আফটাব আলী, জোন্টি আলী আৰু পুনু আলীয়ে ৷ ইয়াৰ উপৰিও ঘটনাৰ মাজত সোমালে গাঁওবুঢ়াক শিৰচ্ছেদ কৰিব বুলি ভাকুকি প্ৰদান কৰাৰো অভিযোগ স্থানীয় লোকৰ ৷ ইফালে সোমবাৰে পুৱা ভাগতে ঘটনা স্থলীত মৰিগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক উপস্থিত হৈ প্ৰকৃত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

ABOUT THE AUTHOR

...view details