মৰিগাঁও,28 এপ্ৰিল:মঙলবাৰে মৰিগাঁৱত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা 424 গৰাকীলৈ বৃদ্ধি পাইছে । মঙলবাৰে জিলাখনত 1,726 গৰাকী লোকৰ ৰে’পিড এণ্টিজেন পৰীক্ষা সম্পন্ন কৰা হয় ৷ ইয়াৰে 58 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি । অৱশ্যে ইয়াৰে 44 গৰাকী লোকক হোম আইচ’লেচন কৰা হৈছে ৷ ইয়াৰ বিপৰীতে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 13 গৰাকীকৈ লোক ।
ক্ৰমাৎ ভয়াৱহ মৰিগাঁৱৰ ক’ভিড পৰিস্থিতি - হোম আইছলেছন
মৰিগাঁৱত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা । বিগত 1 এপ্ৰিলৰ পৰা ক’ভিডত আক্ৰান্ত হৈছে 424 গৰাকীকৈ লোক ৷
ক্ৰমাৎ, ভয়াৱহ মৰিগাঁৱৰ ক’ভিড পৰিস্থিতি
মঙলবাৰৰ দিনটোত মৰিগাঁৱৰ বিভিন্ন ক’ভিড টেষ্ট চেণ্টাৰত 1,726 গৰাকী লোকৰ ক’ভিড-19 ৰ পৰীক্ষা সম্পন্ন কৰা হয় । বিগত 1 এপ্ৰিলৰ পৰা জিলাখনত মুঠ 30,591 গৰাকী লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ ইয়াৰে 424 গৰাকীৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ।
লগতে পঢ়ক :ডিব্ৰুগড়ত ২৮ এপ্ৰিলৰ পৰা ১২ মে পৰ্যন্ত শিক্ষানুষ্ঠান বন্ধ ঘোষণা উপায়ুক্তৰ
Last Updated : Apr 28, 2021, 8:55 AM IST