মৰিগাঁও, 20 ছেপ্টেম্বৰ :মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত কৰ্মৰত এগৰাকী নাজিৰ ক’ভিড আক্ৰান্ত হৈ শনিবাৰে মৃত্যুমুখত পৰে । পুলক গগৈ নামৰ কৰ্মচাৰীগৰাকীৰ মৃত্যুত জোকাৰণি সৃষ্টি হৈছে উপায়ুক্তৰ কাৰ্যালয়ত । পুলক গগৈৰ ঘৰ মৰিগাঁও চহৰৰ গোহাঁই গাঁৱত । মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ৰ নাজিৰ পূলক গগৈ কৰ'ণাত আক্রান্ত হৈ ঘৰতে হোম কোৱাৰেন্টাইন হৈ আছিল । কিন্তু শনিবাৰে দুপৰীয়া ভাগতে মৃত্যুক সাৱতি লয় গগৈয়ে । এই খবৰ বিয়পি পৰাত মৰিগাঁৱত বিভিন্ন মহলত জোকাৰণি সৃষ্টি হৈছে ।
মৰিগাঁৱত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মী - মৰিগাঁৱত কোভিডত আক্ৰান্ত
মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত এগৰাকী কৰ্মীৰ ক’ভিড-19ত আক্ৰান্ত হৈ মৃত্যু হয় ৷ দুই কন্যা সন্তান আৰু পত্নীক এৰি যোৱা লোকজনৰ মৃত্যুত মৰিগাঁৱত পৰিছে শোকৰ ছাঁ ।
মৰিগাঁৱত কোভিডত আক্ৰান্ত হৈ মৃত্যু জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মী
ছাত্ৰ জীৱনৰ পৰা পুলক গগৈয়ে মৰিগাঁৱৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হোৱাৰ উপৰিও এজন ভাল ঘোষক হিচাপে পৰিচিত আছিল । দুই কন্যা সন্তান আৰু পত্নীক এৰি যোৱা গগৈৰ মৃত্যুত মৰিগাঁৱত শোকৰ ছাঁ পৰিছে ।
লগতে পঢ়ক :কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন