অসম

assam

ETV Bharat / state

কৰ‘ণাতংকঃ 9 গৰাকী সাংবাদিকৰ স্বাস্থ্য পৰীক্ষা - মৰিগাঁও, 20 এপ্ৰিল

মৰিগাঁৱৰ উপায়ুক্ত,আৰক্ষী অধীক্ষক,যুটীয়া স্বাস্থ্য সঞ্চালকৰ পাছত জিলাখনৰ মুঠ ন গৰাকী সাংবাদিকক কভিড -19 মুক্ত বুলি পৰীক্ষাগাৰৰ ৰিপৰ্ট । মৰিগাঁৱৰ সাংবাদিকক লৈ অব্যাহত থকা কৰ'ণাতংকৰ শংকা আঁতৰিল । স্বাস্থ্য পৰীক্ষাৰ ফলাফল আহিল নিগেটিভ ৷

morigaon-covid-19-negative
কৰ‘ণাতংকঃ 9 গৰাকী সাংবাদিকৰ স্বাস্থ্য পৰীক্ষা

By

Published : Apr 20, 2020, 5:44 PM IST

মৰিগাঁও, 20 এপ্ৰিল: মৰিগাঁৱৰ জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষক,যুটীয়া স্বাস্থ্য সঞ্চালকৰ পাছত সাংবাদিক সকলক লৈ অব্যাহত থকা কৰ'ণাতংকৰ শংকা আঁতৰিল । স্বাস্থ্য পৰীক্ষাৰ অন্তত ফলাফল আহিল নিগেটিভ । উল্লেখ্য যে,এগৰাকী কৰ‘ণা পজিটিভৰ সংস্পৰ্শলৈ অহা বুলি বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই স্বেচ্ছাই সাংবাদিক কেইজন চিকিৎসালয়লৈ গৈ শনিবাৰে কৰাইছিল নমুনা পৰীক্ষা ।

উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ ভূৰাগাঁও তথা টেঙাগুৰিৰ এজন লোক দিল্লীৰ নিজামুদ্দিনৰ পৰা মৰিগাঁৱলৈ উভতি আহি ঘৰত থকাৰ সময়ত সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল সাংবাদিকসকলে । কিন্তু উক্ত লোকজনৰ দেহত দ্বিতীয়বাৰ পৰীক্ষা কৰাৰ পাছত কভিড-19 পজিটিভ ধৰা পৰা পাছত জিলাখনৰ উপায়ুক্ত,আৰক্ষী অধীক্ষক,যুটীয়া স্বাস্থ্য সঞ্চালককে প্ৰমুখ্যে কৰি বহুকেইজন শীৰ্ষ বিষয়াৰ সংক্ৰমণ হোৱাৰ সন্দেহ কৰি কোৱাৰেন্টাইন কৰাৰ লগতে তেজৰ নমুনা পৰীক্ষা কৰিবলৈ দিয়া হৈছিল। চৰকাৰী বিষয়া সকলৰ লগতে সাংবাদিক সকলৰ শৰীৰত কৰ‘ণা ভাইৰাছৰ অৱস্থিতি নথকাৰ খবৰ অহাৰ পাছত স্বস্তিৰ নিশ্বাস পেলাইছে সকলোৱে ৷

লগতে পঢ়ক :মৰাণত লুপ্তপ্ৰায় লাজুকী বান্দৰ উদ্ধাৰ

ABOUT THE AUTHOR

...view details