মৰিগাঁও,2 মাৰ্চ:৮০ নং মৰিগাঁও বিধানসভা সমষ্টিত প্ৰাক্তন বিধায়ক তথা চিপিআইৰ জ্যেষ্ঠ নেতা মুনীন মহন্ত মহাজোঁটৰ প্ৰাৰ্থী বুলি খবৰ বিয়পাৰ পিছতে মৰিগাঁও জিলা কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ৷ 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত শাসকীয় দল বিজেপিক গাদীচ্যুত কৰিবলৈ সংগঠিত মহাজোঁট বন্ধন নহৈ এতিয়া মহাজঁটৰহে সৃষ্টি হৈছে জিলা কংগ্ৰেছীৰ মাজত ।
মহাজোঁটৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি কংগ্ৰেছৰ প্ৰতিবাদ - মৰিগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ
কংগ্ৰেছ, এআইইউডিএফ, চিপিআই, চিপিআই(এম) ৰ মহাজোঁট বন্ধনে এতিয়া বাৰুকৈয়ে আউল লগাইছে মহাজোঁট বন্ধনৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক প্ৰক্ৰিয়াত । মৰিগাঁৱৰ আসন চিপিআইক এৰি দিয়াক কেন্দ্ৰ কৰি অসন্তুষ্ট কংগ্ৰেছী মহল ।
কংগ্ৰেছ, এআইইউডিএফ, চিপিআই, চিপিআই(এম) ৰ মহাজোঁট বন্ধনে এতিয়া বাৰুকৈয়ে আউল লগাইছে মহাজোঁট বন্ধনৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক প্ৰক্ৰিয়াত । মৰিগাঁৱৰ আসন চিপিআইক এৰি দিয়াক কেন্দ্ৰ কৰি অসন্তুষ্ট কংগ্ৰেছী মহল । মহাজোঁট বন্ধনৰ পিছত প্ৰথমবাৰলৈ মৰিগাঁৱত আৰম্ভ হৈছে বিসম্বাদ । কিয়নো মৰিগাঁৱৰ ৮০ নং বিধানসভা সমষ্টিটো মহাজোঁট বন্ধনৰ বাবে চিপিআইক এৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ উঠিছে । যাৰ বাবে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ উঠিছে দলীয় নেতা-কৰ্মীসকল ।
লগতে পঢ়ক-খহি পৰা ভেটি সবল কৰিবলৈ অসমত উপস্থিত প্ৰিয়ংকা গান্ধী ৱাদ্ৰা