অসম

assam

ETV Bharat / state

হাথৰস কাণ্ডক লৈ মৰিগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ - মৰিগাঁও জিলা কংগ্ৰেছে

শনিবাৰে বিয়লি মৰিগাঁও জিলা কংগ্ৰেছে বিজেপি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ক্ষুদ্ধ প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰতিকৃতি কৰিলে দাহ ৷

Morigaon Congress protest against Hathras incident
হাথৰছ কাণ্ড বিৰুদ্ধে মৰিগাঁৱত কংগ্ৰছেৰ প্ৰতিবাদ

By

Published : Oct 4, 2020, 9:08 AM IST

Updated : Oct 4, 2020, 7:13 PM IST

মৰিগাঁও, 4 অক্টোবৰঃ হাথৰস কাণ্ডক লৈ সমগ্ৰ দেশ কপি থকাৰ মাজতে অসমতো বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো অব্যাহত আছে কংগ্ৰেছৰ ধাৰাবহিক প্ৰতিবাদী কাৰ্যসূচী ৷ শনিবাৰে বিয়লি মৰিগাঁও জিলা কংগ্ৰেছে বিজেপি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

হাথৰস কাণ্ডক লৈ মৰিগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

আনহাতে, হাথৰস কাণ্ডৰ ভূক্তভোগী পৰিয়ালটোৰ খবৰ ল’বলৈ যোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক প্ৰশাসনে বাধা প্ৰদান কৰা কাৰ্যকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে প্ৰতিবাদকাৰী সকলে ৷ ক্ষুদ্ধ প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰো প্ৰতিকৃতি কৰিলে দাহ ৷

লগতে পঢ়ক-নগাঁৱত ছুৰীকাঘাতত প্ৰাণ হেৰুৱালে ব্যৱসায়ীয়ে

Last Updated : Oct 4, 2020, 7:13 PM IST

ABOUT THE AUTHOR

...view details