অসম

assam

ETV Bharat / state

স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড, আৱৰ্জনাৰ মাজতে খুলিলে মহাবিদ্যালয় - ঘনকান্ত বৰুৱা মহাবিদ্যালয়

মৰিগাঁৱত স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড ৷ কোভিড-19ৰ ভয়াৱহতাৰ মাজতেই কোৱাৰেন্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা ঘনকান্ত বৰুৱা মহাবিদ্যালয় মুকলি কৰিবলৈ অনুমতি দিয়ে যদিও চাফা নকৰাকৈয়ে এৰি যায় কোভিড ৰোগীৰ আৱৰ্জনা ৷

স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড, আৱৰ্জনাৰ মাজতে খুলিলে মহাবিদ্যালয়
স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড, আৱৰ্জনাৰ মাজতে খুলিলে মহাবিদ্যালয়

By

Published : Sep 22, 2020, 1:47 AM IST

মৰিগাঁও, 22 ছেপ্টেম্বৰ : যিটো সময়ত ৰাজ্যত কোভিড-19ৰ ভয়াৱহ সংক্ৰমণ সংঘটিত হৈছে তেনে সময়তে স্বাস্থ্য তথা শিক্ষা বিভাগে শিক্ষানুষ্ঠানসমূহ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ স্বাস্থ্যগত নীতি তথা কোভিড-19ৰ বাবে নিৰ্দিষ্ট কৰি দিয়া নীতিৰ মাজতেই শিক্ষানুষ্ঠানসমূহ মুকলি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ কিন্তু এনে অৱস্থাত শিক্ষাৰ্থীৰ স্বাস্থ্যগত সুৰক্ষাৰ প্ৰতি আওঁকাণ কৰা পৰিলক্ষিত হৈছে স্বাস্থ্য বিভাগ তথা শিক্ষা বিভাগ ৷ এনে ঘটনাই সংঘটিত হৈছে মৰিগাঁৱত ৷

মৰিগাঁৱত স্বাস্থ্য বিভাগে সংঘটিত কৰিছে তেনেকুৱা আজৱ কাণ্ড । কোৱাৰেন্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা জিলাখনৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ প্ৰতি চৰম অৱহেলা বিয়াগোম শিক্ষা তথা স্বাস্থ্য বিভাগৰ ৷ কোভিড-19 ৰোগীৰ আৱৰ্জনাৰ মাজতে মৰিগাঁৱত খুলিলে ঘনকান্ত মহাবিদ্যালয় ।

মহাবিদ্যালয়লৈ অহা একাংশ শিক্ষাৰ্থী

এই ঘটনাৰ পিচতেই শিক্ষক সমাজ তথা শিক্ষাৰ্থীৰ মাজত ভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ৰাজ‍্যত বিভিন্ন জিলাৰ লগতে মৰিগাঁৱতো ছমাহৰ বিৰতিৰ পাছত খোল খাইছে শিক্ষানুষ্ঠানসমূহ । স্বাস্থ্য বিভাগৰ কঠোৰ নীতি নিৰ্দেশনা মাজেৰে পাঠদান হ'ব লাগে যদিও মৰিগাঁও জিলা একাশ শিক্ষানুষ্ঠানত উলংঘা কৰা হৈছে এই নিৰ্দেশনা । উদাহৰণ হিচাপে মৰিগাঁৱৰ চহৰৰ অন্যতম শিক্ষানুষ্ঠান ঘনকান্ত বৰুৱা মহাবিদ্যালয় । সোমাবাৰে মহাবিদ্যালয়ৰ খোলাৰ বাবে শিক্ষক,ছাত্ৰ মহাবিদ্যালয়লৈ আহি শংকিত হৈ পৰিছে । কাৰণ আজিলৈ মহাবিদ্যালয়খনত কৰা নহ'ল চেনিটাইজেচন ।

মহাবিদ্যালয়খনত এৰি যোৱা আৱৰ্জনাৰ অৱস্থা

মনকৰিবলগীয়া যে লকডাউনৰ সময়ত আন আন শিক্ষানুষ্ঠানসমূহৰ লেখীয়া কৈ কোৱাৰেন্টাইন কেন্দ্ৰ হিচাপে ব্যবহাৰ কৰা হৈছিল । চৰকাৰী নীতি মতে এই কেন্দ্ৰসমূহক পাঠদানৰ পূৰ্বে চূণ-তেল ঘহি তথা সম্পূৰ্ণৰূপে চেনিটাইজ কৰাৰ পিছত পাঠদানৰ বাৰে সাজু কৰিব লাগে যদিও মৰিগাঁৱৰ এইখন মহাবিদ্যালখনত পালন কৰা নাই স্বাস্থ্য বিভাগৰ এই নিৰ্দেশনা ।

মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহৰ অৱস্থা

ইফালে মহাবিদ্যালয়খনৰ অভিযোগ, কলেজ কৰ্তৃপক্ষই ডেৰমাহৰ পূৰ্বৰ পৰা বাৰম্বাৰ মৰিগাঁও জিলা প্ৰশাসনক অৱগত কৰাৰ পাছতো আজি পৰ্যন্ত চেনিটাইজ নকৰিলে মহাবিদ্যালয়খন । পৰিপ্ৰেক্ষিতত শংকিত হৈ পৰিছে শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক তথা অভিভাৱকসকল ৷

লগতে পঢ়ক :আন্তঃৰাষ্ট্ৰীয় গঁড় দিৱসঃ কাইলৈ মুক্তি পাব কেভিন পিটাৰচেনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ

ABOUT THE AUTHOR

...view details