মৰিগাঁও,1 অক্টোবৰঃ বুধবাৰে মৰিগাঁৱত সংঘটিত হয় এক শোকাৱহ ঘটনা । সৰুকুলৈ গাঁৱত বিদ্যুত পৃষ্ট হৈ পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰৰ অকাল মৃত্যু । উল্লেখযোগ্য যে, মৰিগাঁও জিলাৰ জাগীৰোড থানাৰ অন্তৰ্গত সৰুকুলৈৰ নিবাসী কৃষ্ণ শইকীয়াৰ এঘাৰ বছৰীয়া পুত্ৰ ৰিন্টুৱে বুধবাৰে সন্ধিয়া ম’বাইল চাৰ্জ দিবলৈ লোৱাৰ সময়তে বিদ্যুৎপৃষ্ট হৈ সাৱতিব লগা হ’ল মৃত্যুক ৷
মৰিগাঁৱত বিদ্যুৎপৃষ্ট হৈ এজন ছাত্ৰৰ অকাল মৃত্যু
ম’বাইল চাৰ্জ দিবলৈ গৈয়ে অকাল মৃত্যুক সাবটি ললে মৰিগাঁৱৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰিন্টু শইকিয়াই ৷ শোকাৱহ ঘটনাটোৰ পিছতেই সমগ্ৰ অঞ্চলত পৰিছে শোকৰ ছাঁ ৷
মৰিগাঁৱত বিদ্যুৎপৃষ্ট হৈ এজন ছাত্ৰৰ অকাল মৃত্যু
ঘটনাৰ কথা সদৰি হোৱাৰ পিছতেই জাগীৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। সম্প্ৰতি এই শোকাৱহ ঘটনাই অঞ্চলটোত পেলাইছে শোকৰ ছাঁ।
লগতে পঢ়কঃ ৰামপুৰত শোকাৱহ পথ দুৰ্ঘটনা: এজন নিহত