মৰিগাঁও, 14 আগষ্ট : মৰিগাঁও জিলাৰ ৰঙাদৰীয়াৰ বালিজানত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনায় মৰিগাঁও চেম্বাৰ্চ অফ কমাৰ্চে । বিগত 6 আগষ্টৰ পৰা বিভিন্ন পঞ্চায়তৰ জৰিয়তে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা 900 গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনাই অহা হৈছে ৷ সমান্তৰালভাৱে আজি মৰিগাঁও চেম্বাৰ্চ অফ কমাৰ্চে, বালিজান মধ্য ইংৰাজী বিদ্যালয়ত সম্বৰ্দ্ধনা অনুষ্ঠিত কৰে ৷ কাৰ্যসূচীত চেম্বাছ অফ কমাৰ্চৰ সভাপতি নিপুন বৰা,সম্পাদক মিলন ডেকা,বালিজান ব্যৱসায়ী সন্থাৰ সভাপতি তথা শিক্ষক নজৰুল ইছলাম,ৰঙাদৰীয়া হাইস্কুলৰ উচ্চবৰ্গ সহায়ক পংকজ কুমাৰ বেজবৰুৱাৰ লগততে বহু কেইজন শিক্ষক,স্থানীয় কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৃহস্পতিবাৰে ১২গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনাই মানপত্ৰ আৰু কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে উদ্যোগক্তাসকলে ।
চেম্বাৰ্চ অফ কমাৰ্চ মৰিগাঁৱৰ প্ৰশংসনীয় পদক্ষেপ - Morigaon chambers of comerce felicitate bright Student
চেম্বাৰ্চ অফ কমাৰ্চ মৰিগাঁৱৰ প্ৰশংসনীয় পদক্ষেপ । পঞ্চায়তে পঞ্চায়তে গৈ মানপত্ৰ আৰু ধনৰে সম্বৰ্দ্ধনা ৯০০ কৃৰ্তী ছাত্ৰ ছাত্ৰীক। অনুজসকলৰ বাবে সদায় আদৰ্শ হৈ থাকিবলৈ আহ্বান মেধাৱীসকলক ।
চেম্বাৰ্চ অফ কমাৰ্চ মৰিগাঁৱৰ প্ৰশংসনীয় পদক্ষেপ
TAGGED:
Mrg chamber's of comerce