অসম

assam

ETV Bharat / state

মৰিগাঁৱত বন্যাৰ্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ দুই সংস্থাৰ - WDC Morigaon

মৰিগাঁৱত কেথলিক ৰিলিফ চাৰ্ভিছ ইন্দিৰা আৰু মহিলা উন্নয়ন কেন্দ্ৰ মৰিগাঁৱৰ প্ৰশংসনীয় পদক্ষেপ । সোমবাৰে কেথলিক ৰিলিফ চাৰ্ভিছ ইন্দিৰা আৰু মহিলা উন্নয়ন কেন্দ্ৰ মৰিগাঁৱৰ সহযোগত মায়ঙত বানসাহাৰ্য বিতৰণৰ শুভাৰম্ভ ।

মৰিগাঁৱত বন্যাৰ্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ দুই সংস্থাৰ

By

Published : Jul 30, 2019, 9:39 AM IST

মৰিগাঁও,30 জুলাইঃ মৰিগাঁৱত সোমবাৰে বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে কেথলিক ৰিলিফ চাৰ্ভিছ ইন্দিৰা আৰু মহিলা উন্নয়ন কেন্দ্ৰ মৰিগাঁৱে ৷ সংস্থা দুটাই জিলাখনৰ মায়ং ৰাজহচক্ৰৰ মনহা গাঁও পঞ্চায়তৰ কোঁৱৰগাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত বিতৰণ কৰিলে ১৩ বিধকৈ নিত্য প্ৰয়োজনীয় সামগ্ৰী । সৰ্বমুঠ 180 টা পৰিয়ালক প্ৰদান কৰা সাহায্য সামগ্ৰীত মুখ্যত দুখনকৈ টিৰপাল, দুখনকৈ পাটি, দুটাকৈ বাল্টি, একডজনকৈচাবোন, তৰ্চ লাইটসহ মুঠ তিনিহাজাৰ টকাৰ মূল্যৰ সামগ্ৰী বিতৰণ কৰে ৷

মৰিগাঁৱত বন্যাৰ্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ দুই সংস্থাৰ

ABOUT THE AUTHOR

...view details