মৰিগাঁও,6 মে’: উত্তাল প্ৰতিবাদত কঁপিছে জাগীৰোড সমষ্টিৰ মায়ঙৰ খোলাভূঞা ৷ এখন চৰকাৰী কাঠৰ দলঙক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজৰ লগতে প্ৰায় অৰ্ধ শতাধিক আমছু কৰ্মীয়ে ৷
উল্লেখ্য যে, মায়ং আৰু বৃহত্তৰ পকৰীয়া মৌজাৰ মুখ্য পথৰ মাজত বুৰাবুৰী, খোলাভূঞা, ভূৰগাঁও আৰু পাতেকীবুড়ী সংযোগী পথত চৰকাৰী আৱণ্টনৰ দ্বাৰা নিৰ্মাণ হৈ আছে প্ৰায় ১০০ মিটাৰ দৈৰ্ঘৰ এখন কাঠৰ দলং ৷ উক্ত কাঠৰ দলং নিৰ্মাণ কাৰ্যত ঠিকাদাৰে জালিয়াতি কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে বৃহত্তৰ অঞ্চলটোৰ একাংশ ৰাইজ আৰু দল-সংগঠনে ।
এখন দলঙে সূত্ৰপাত ঘটাইছে বিতৰ্কৰ... অভিযোগ মৰ্মে, দলং নিৰ্মাণত ঠিকাদাৰে ব্যৱহাৰ কৰিছে আন এখন পুৰণি দলঙৰ অতি নিম্ন মানৰ মামৰে ধৰা লোহাৰ পুৰণি জজ, কাঠ, দলঙৰ খুঁটা আদি । দলঙৰ কামৰ আৰম্ভণিতে অতি নিম্নমানৰ পুৰণি সামগ্ৰী ব্যৱহাৰ কৰা দেখি স্থানীয় ৰাইজে বাধা দিছিল যদিও ৰাইজৰ বাধাক কেৰেপ নকৰি ঠিকাদাৰে একেই পুৰণি অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিয়েই পুনৰ দলঙৰ কাম আৰম্ভ কৰাত ৰাইজ অতিষ্ঠ হৈ বুৰাবুৰী আঞ্চলিক আমছুক লগত লৈ বৃহস্পতিবাৰে পুৱা প্ৰখৰ ৰ'দকো নেওচি প্ৰতিবাদত লিপ্ত হয় ৷
দলং নিৰ্মাণৰ কামৰ উপযুক্ত তদন্ত কৰি উন্নত মানৰ সামগ্ৰীৰে কাম কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষ আৰু বিধায়ক পীযুষ হাজৰিকালৈ আহ্বান জনাইছে স্থানীয় ৰাইজ আৰু প্ৰতিবাদী সংগঠনটোৱে ।
লগতে পঢ়ক :ৰাজ্যবাসীৰ সংকটৰ সময়ত পুনৰ জুবিন গাৰ্গৰ মহানুভৱতা