মৰিগাঁও, 28 ডিচেম্বৰ:প্ৰথমে প্ৰেমিকাক ধৰ্মান্তকৰণ তাৰ পাচত আদালতত বিবাহ সম্পন্ন পৰৱৰ্তী সময়ত কন্যাৰ অশ্লীল ভিডিঅ' আৰু ফ'টো ভাইৰেল কৰাৰ ভাবুকি যুৱতীগৰাকীৰ পৰিয়ালৈ...ঘটনাৰ স্থান মৰিগাঁৱৰ মৈৰাবাৰী ৷ যুৱতীগৰাকীৰ আত্মীয়ৰ ভাষ্য অনুসৰি ৰাজা দেৱনাথ ওৰফে আশ্ৰাফুল নামৰ এজন যুৱকে নিজকে হিন্দু বুলি পৰিচয় দিএগৰাকী হিন্দু যুৱতীৰে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে ৷ ফলস্বৰূপে দুয়ো আদালতত পৰিয়ালৰ অলক্ষিতে গোপনে বিবাহ সম্পন্ন কৰি পলাই যায় ৷ পৰৱৰ্তী সময়ত যুৱকজনে যুৱতীৰ পিতৃক কন্যাৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দি 5 লাখ দাবী কৰাৰ অভিযোগ উত্থাপন কৰে যুৱতীগৰাকীৰ পৰিয়ালে ৷ ইতিমধ্যে ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি যুৱতীগৰাকীক উদ্ধাৰ কৰে ৷ পাচত যুৱতীগৰাকীয়ে আদালতত সাক্ষী প্ৰদান কৰে ৷ ইয়াৰ বিপৰীতে পলাতক অৱস্থাত আছে আশ্ৰাফুল নামৰ 19 বছৰীয়া যুৱকজন ৷ উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্য়াহত ...
প্ৰেম, ধৰ্মান্তকৰণ তাৰ পাচত ধন দাবী প্ৰেমিকাৰ পৰিয়ালক - অশ্লীল ভিডিঅ' আৰু ফ'টো ভাইৰেল
এজন 19 বছৰীয়া যুৱকে আদালতত কেনেদৰে বিবাহৰ বাবে অনুমতি লাভ কৰিলে এই প্ৰশ্ন এতিয়া মৰিগাঁৱৰ ৰাইজৰ মুখে মুখে ৷ এজন 19 বছৰীয়া যুৱকৰ কাণ্ডই জেকাৰি গৈছে মৰিগাঁও জিলাক ৷ নিজকে হিন্দু ধৰ্মৰ যুৱক বুলি পৰিচয় দি আন ধৰ্মৰ যুৱতীৰ লগত সম্পৰ্ক স্থাপন কৰাৰ পিচত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ প্ৰেমৰ পিচত বিবাহ, তাৰপিচত ধনদাবী প্ৰেমিকৰ ৷
মৰিগাঁৱত যুৱকে ভাবুকি দিলে প্ৰেমিকাৰ পিতৃক
Last Updated : Dec 28, 2019, 3:26 PM IST