অসম

assam

By

Published : Sep 24, 2020, 3:54 PM IST

ETV Bharat / state

শৰীৰ চৰ্চাৰ জৰিয়তে বিশ্ব জয় কৰাৰ সপোন এজন যুৱকৰ

ৰাজ্যৰ এজন উদীয়মান শৰীৰ চৰ্চাবিদ। বহুকেইটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে তেঁও। নাম প্ৰজেশ দাস । তেঁও লাভ কৰিছে কেইবাটাও ৰাষ্ট্ৰীয় পুৰষ্কাৰ । তেঁওৰ সপোন অলিম্পিয়াত অংশ গ্ৰহণ কৰি বিশ্ব জয় কৰা ।

Morigaon bodybuilder prohesh
শৰীৰ চৰ্চাৰ জৰিয়তে বিশ্ব জয় কৰাৰ সপোন এজন যুৱকৰ

মৰিগাঁও,24 ছেপ্তেম্বৰঃএজন উদীয়মান শৰীৰ চৰ্চাবিদৰ বিশ্বজয়ৰ সপোন। যুৱক জনৰ নাম প্ৰজেশ কুমাৰ দাস। বছৰৰ অধিক সময় ৰাজ্যৰ বাহিৰত থাকি গ্ৰহণ কৰিছে প্ৰশিক্ষণ । 21 বছৰীয়া প্ৰজেশে ইতিমধ্যে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত হোৱা বহুকেইটা সৰ্বভাৰতীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

শৰীৰ চৰ্চাৰ জৰিয়তে বিশ্ব জয় কৰাৰ সপোন এজন যুৱকৰ

গুৱাহাটীৰ প্ৰজেশৰ সপোন শশীৰ চৰ্চা শিতানৰ আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া অলিম্পিয়াত অংশগ্ৰহণ কৰি নিজৰ নাম চূড়ান্ত প্ৰতিযোগিতাত লিপিবদ্ধ কৰি নিজকে বিশ্ব প্ৰথম গৰাকী শৰীৰ চৰ্চা বিদ ৰূপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে নিতৌ কৰি গৈছে কছৰৎ। উল্লেখযোগ্য যে, ৰাজ্যত অনুষ্ঠিত ৪৭ সংখ্যক অসম ৰাজ্যিক শৰীৰ চৰ্চা প্ৰতিযোগিতা মিঃ আসামত বিজয়ী হৈ ব্ৰঞ্জৰ পদক দখল কৰাৰ পিছতে আৰম্ভ হৈছে প্ৰজেশৰ এক নতুন জয় যাত্ৰা ।


ইপিনে দেশৰ ৰাজধানী নতুন দিল্লীত বডি বিল্ডিং এণ্ড পাউৱাৰ লিফ্টিং স্পৰ্ট এচ’চিয়েছনৰ দ্বাৰা অনুষ্ঠিত হোৱা (India classic) প্ৰতিযোগিতাত জুনিয়ৰ বডি বিল্ডিং শিতানত প্ৰথম আৰু দ্বিতীয় স্থান দখলেৰে পুৰুষ শৰীৰ (men's) শিতানত পদক লাভৰে ইতিমধ্যে physique) ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে । আনহাতে ৰাজ্যত এতিয়াও শৰীৰ চৰ্চাৰ যোগেদি বিশ্ব জয় কৰাৰ সপোনক বাস্তৱ কৰিব পৰা পৰিবেশ নাই হোৱা বুলি মন্তব্য কৰি প্ৰজেশে কয় যে, বহুতেই প্ৰথমে এনে শৰীৰ চৰ্চাৰ কৰি শেষলৈ আধাতে এৰি দিয়ে। ফলত মন হতাশাগ্ৰস্ত হৈ পৰে । শৰীৰ চৰ্চাৰ যোগেদি বিশ্ব জয়ৰ সপোন দেখা প্ৰজেশৰ মন্তব্যক চৰকাৰে গুৰুত্ব দি এইক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিলে বিশ্ব জয়ৰ সপোনেৰে এইসকল শৰীৰ চৰ্চাবিদে নিশ্চয়কৈ সফলতাৰে আগবাঢ়িব পাৰিব ।

লগতে পঢ়কঃনিয়োগ সংক্ৰান্তীয় কেলেংকাৰী সন্দৰ্ভত আছুৰ ৰাজ্যজুৰি প্ৰতিবাদ

ABOUT THE AUTHOR

...view details