মৰিগাঁও, 27 ডিচেম্বৰঃ সমূখ সমৰত সদৌ অসম ছাত্ৰ সন্থা আৰু বিজেপি ৷ এফালে শাসকীয় গেৰুৱা বাহিনীৰ বিশাল শান্তি সমদল আৰু আনফালে আছুৰ উদ্যোগত আন 30 টা সংগঠনৰ গণ বিক্ষোভ ৷ শুক্ৰবাৰে মৰিগাঁৱৰ জাগীৰোডত চৰকাৰী পক্ষ বিজেপিৰ বিশাল শান্তি সমদল ৷ আনহাতে ইয়াৰ প্ৰত্যাহ্বান স্বৰূপে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুকে ধৰি বিভিন্ন দল-সংগঠনে কঁপাই তোলে জাগীৰোডৰ আকাশ-বতাহ ৷ জাগীৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা পশ্চিম নগাঁও খেলপথাৰলৈ প্ৰায় চাৰি কিঃমিঃ পথত এই শান্তি সমদল ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদকে ধৰি সহযোগী দলসমূহৰ ৷ এই শান্তি সমদলত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ বিত্ত ও স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ূষ হাজৰিকা, অতুল বৰা, নব দলে, বিধায়ক ৰমাকান্ত দেউৰী, বিধায়ক ৰূপক শৰ্মা, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য পবন মান্তাৰ প্ৰমুখ্যে ৰাজ্যিক বিজেপিৰ বহু সংখ্যক নেতা কৰ্মীয়ে ৷
মৰিগাঁৱত আছুৰ CAA বিৰোধী প্ৰতিবাদৰ মাজতে বিজেপিৰ শান্তি সমদল - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
মৰিগাঁৱত দেখা গ’ল দুই বিপৰীত ছবি ৷ শাসকীয় বিজেপিক প্ৰত্যাহ্বান আছুকে ধৰি 30 টা জাতীয় দল-সংগঠনৰ ৷

মৰিগাঁৱত বিজেপি বনাম আছু
মৰিগাঁৱত বিজেপি বনাম আছু
ইফালে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আন দল-সংগঠনসমূহে নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত বিশাল গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ শান্তি সমদলৰ প্ৰত্যুত্তৰ হিচাপে থিয় দিয়ে প্ৰতিবাদকাৰীসকলে ৷ এই প্ৰতিবাদে এতিয়া বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে ৷
মৰিগাঁৱত বিজেপি বনাম আছু