মৰিগাঁও, 23 ফেব্ৰুৱাৰীঃবসন্ত কাল মানেই দেশী-বিদেশী পৰিভ্ৰমী চৰাইৰ আগমনৰ সময় ৷ এনে সময়তে কৃত্ৰিম বাহ সাজি থলুৱা প্ৰজাতিৰ চৰাইৰ লগতে বিভিন্ন পৰিভ্ৰমী চৰাই সংৰক্ষণৰ প্ৰচেষ্টা হাতত লৈছে মৰিগাঁৱৰ কেইগৰাকীমান প্ৰকৃতি প্ৰেমীয়ে ৷ এই দৃশ্য জিলাখনৰ এজাৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত তৰাণি কলবাৰী গাঁৱৰ ৷ এনেদৰেই এতিয়া চৰাইৰ বাবে কৃত্ৰিম বাহ সজাত ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ একাংশ শিশুকে ধৰি বয়োজ্যেষ্ঠ লোকসকল ৷ অঞ্চলটোৰ গছে গছে আঁৰি দিছে প্ৰায় দুশৰো অধিক কৃত্ৰিম বাহ ৷ একেদৰেই পবিতৰা অভয়াৰণ্যৰ বাবেও তেওঁলোকে প্ৰস্তুত কৰিছে 100টা বাহ ৷
চৰাই সংৰক্ষণৰ প্ৰচেষ্টাৰে মৰিগাঁৱত প্ৰশংসনীয় পদক্ষেপ
চৰাইৰ বংশবৃদ্ধিৰ বাবে মৰিগাঁৱত প্ৰশংসনীয় পদক্ষেপ ৷ চৰাই সংৰক্ষণৰ প্ৰচেষ্টাৰে কৃত্ৰিম বাহৰ ব্যৱস্থা একাংশ প্ৰকৃতিপ্ৰেমীৰ ৷ তেওঁলোকৰ এই অভিনৱ কৰ্মৰ শলাগ লৈছে সমগ্ৰ মৰিগাঁওবাসী ৰাইজে ৷
চৰাই সংৰক্ষণৰ প্ৰচেষ্টা
উল্লেখ্য যে, এইসকল প্ৰকৃতিপ্ৰেমীয়ে ইয়াৰ পূৰ্বেও প্ৰকৃতি সংৰক্ষণৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী ৷ তেওঁলোকৰ আহ্বান অকল আমি জীয়াই থাকিলেই নহ'ব, জীয়াই ৰাখিব লাগিব আমাৰ চৌপাশৰ প্ৰকৃতিৰ লগতে চৰাই-চিৰিকটিকো ৷ তেওঁলোকৰ এই অভিনৱ কৰ্মৰ শলাগ লৈছে সমগ্ৰ মৰিগাঁওবাসী ৰাইজে ৷
লগতে পঢ়কঃমাৰ্ঘেৰিটাত সম্পন্ন শ্বুটিঙৰ কৰ্মশালা