অসম

assam

By

Published : Sep 21, 2020, 8:04 PM IST

ETV Bharat / state

দুখন বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত তিনিজন

নেলী আৰক্ষী চকীৰ সমীপতে দুখন বিপৰীত দিশৰ পৰা আহি থকা মটৰ চাইকেলৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷

MORIGAON BIKE ACCIDENT 3 DEATH
দুখন বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত তিনিজন

মৰিগাঁও,21 ছেপ্তেম্বৰঃ নেলীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বিয়লি ৫ বজাত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিজন লোক ৷ দুখন মটৰ চাইকেলৰ সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷

নেলী আৰক্ষী চকীৰ সমীপতে দুখন বিপৰীত দিশৰ পৰা আহি থকা মটৰ চাইকেলৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয়, 2 নং কুঠাৰী গাঁৱৰ দেওলাল পাতৰ(২৯), দৰাপানিৰ নাৰায়ণ বৰদলৈ(৩২) আৰু গুৱাহাটীৰ হাচিব আলম (৩৫) নামৰ তিনিগৰাকী ব্যক্তি । গুৰুত্বৰভাৱে আহত অতুল দেউৰীক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়কঃ মৰিগাঁৱত আদৰ্শ অংগনবাদী কেন্দ্ৰ মুকলি

ABOUT THE AUTHOR

...view details