পদূলিত হেঁপাহৰ ব'হাগ বিহু - মৰিগাঁও
ঢোল-পেঁপা,গগণাৰ মাতত মুখৰিত মৰিগাঁও জিলা । জিলাখনৰ ঠাইয়ে ঠাইয়ে চলিছে এতিয়া বিহুৰ আখৰা । ব্যস্ত হৈ পৰিছে লোকবাদ্য নিৰ্মাণকাৰীসকলো ।
![পদূলিত হেঁপাহৰ ব'হাগ বিহু](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2876471-688-993c7405-5e49-432e-bd19-0a39e807324b.jpg)
পদূলিত হেঁপাহৰ ব'হাগ বিহু
মৰিগাঁও,২ এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে পদূলিত হেঁপাহৰ ব'হাগ বিহু । হেঁপাহৰ বিহুটিক আদৰিবলৈ সাজু হৈছে সমগ্ৰ অসমবাসী । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিহুটিক আদৰিবলৈ সাজু হৈছে মৰিগাঁওবাসী । জিলাখনৰ ঠাইয়ে ঠাইয়ে চলিছে বিহু নৃত্যৰ আখৰা । কোনোবাই যদি ৰাতি বিহুৰ প্ৰস্তুতি চলাইছে আন কোনোৱে বিয়লি ভাগত নামঘৰৰ বাকৰিত কৰিছে বিহু হুচৰিৰ আখৰা ।
পদূলিত হেঁপাহৰ ব'হাগ বিহু
কণ কণ শিশুসকলেও ঢোল-পেঁপা লৈ জুৰিছে হুঁচৰি । ঢোলত ৰগৰ তুলি গমগমাই তুলিছে আকাশ বতাহ । ইফালে হাতত সৰুদৈয়া জাপি লৈ গিৰিপনি তুলিছে কণ কণ নাচনীহঁতে । লগতে লোকবাদ্য নিৰ্মাণকাৰীসকলো ব্যস্ত হৈ পৰিছে ঢোল-পেঁপা, গগণাৰ দৰে লোকবাদ্য নিৰ্মাণ কাৰ্যত ।
এইয়া মৰিগাঁৱৰ জাংফাই সাংস্কৃতিক গোষ্ঠীৰ দৃশ্য । মৰিগাঁৱৰ বিহুৰ সামগ্ৰিকভাৱে চলোৱা বাপতিসাহোন ব'হাগৰ আখৰা । অসমীয়াৰ কৃষ্টিৰ শিপাডাল বিচাৰি অসমীয়াৰ সমাজক শিপাৰ সুবাস দিয়াৰ বাবে প্ৰয়াস এইসকল কণমানিৰ । মুঠৰ ওপৰত সকলোৱে এতিয়া ব্যস্ত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰাৰ বাবে ।