মৰিগাঁও, 16 আগষ্ট : বান্ধৈ-৮৪ ! মৰিগাঁৱৰ এদল প্ৰাপ্ত বয়স্কলোকৰ এক প্ৰয়াস । মৰিগাঁৱৰ এই লোকসকল দেওবাৰে হঠাৎ উপস্থিত হ’ল পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰাত ৷ তেওঁলোকৰ লক্ষ্য অভয়াৰণ্য খনৰ অস্থায়ী বনকৰ্মী সকলক কিছু সকাহ দিয়াৰ । কাৰণ বিগত চাৰিটাকৈ বানৰ সময়ত পবিতৰাৰ অভয়াৰণ্য খনৰ অস্থায়ী বনকৰ্মীসকলে দিনে-নিশাই ৰ’দ বৰষুণক নেওচা দি অসম গৌৰৱ এশিঙীয়া গঁড়ৰৰ সুৰক্ষাৰ বাবে পালন কৰিছিল দ্বায়িত্ব । কিন্তু এইসকল অস্থায়ী বনকৰ্মীয়ে নাপায় চৰকাৰী দৰমহা । সেয়েহে ১৯৮৪ চনত মৰিগাঁও উচ্চ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা তাহানিৰ ছাত্ৰ-ছাত্ৰী তথা আজিৰ এইসকল ব্যক্তিয়ে সাধ্যানুসৰি আৰ্থিক সাহাৰ্য প্ৰদানৰে ৫৫ জন বনকৰ্মীক এটা ছাতিসহ ১৪ বিধ অত্যাৱশ্যকীয় খাদ্যসম্ভাৰৰ টোপোলা আগবঢ়ায় ।
পবিতৰাৰ অস্থায়ী বনকৰ্মীৰ সাহাৰ্য প্ৰদান বান্ধৈ-৮৪ৰ
এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰাত এদল আদহীয়া লোক। বয়সৰ জোখাৰে 50 অতিক্ৰম কৰা লোকসকলে পবিতৰাৰ অৰ্ধশতাধিক অস্থায়ী বনকৰ্মীৰ কাৰণে হাতত লৈছে এক আদৰণীয় পদক্ষেপ।
এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা
এই সাহাৰ্য গ্ৰহণ কৰি আনন্দিত হৈছে অভয়াৰণ্য খনৰ অস্থায়ী বনকৰ্মীসকল । সেয়ে ধন্যবাদ জনালে বান্ধৈ -৮৪ ক । বান্ধৈ-৮৪ ৰ বন্ধু-বান্ধৱী সকল পবিতৰা লৈ আহি চাকৰি নিয়মীয়া নোহোৱা বনকৰ্মী,গৃহৰক্ষী সকলৰ কাষত থাকি মনোৱল আৰু প্ৰেৰণা দিয়াৰ বাবে ধন্যবাদ জনায় পবিতৰাৰ বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে ৷