মৰিগাঁও, 30 ছেপ্তেম্বৰঃ মৰিগাঁৱৰ বৰালিমাৰীত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰিছে তীব্ৰ খহনীয়া ৷ নিশাৰ ভিতৰতে গৃহহীন হৈছে কেবাটাও পৰিয়াল । বিগত প্ৰায় এসপ্তাহে লুইতৰ বুকুত জাহ গৈছে প্ৰায় 40 টা পৰিয়ালৰ বাসগৃহ ৷ কিন্তু এতিয়াও ঘোৰ নিদ্ৰাত মৰিগাঁও জলসম্পদ বিভাগ ৷
মৰিগাঁৱত বৰালিমাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়া - মৰিগাঁৱত বৰালিমাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়া
মৰিগাঁৱত বৰালিমাৰীত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰিছে তীব্ৰ খহনীয়া ৷ এই সন্দৰ্ভত কোনো গুৰুত্ব নাই স্থানীয় বিধায়কৰ লগতে দায়িত্ব অৰ্পণ কৰাৰ মন্ত্ৰীৰ ৷ যাৰ বাবে উপায়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷
মৰিগাঁৱত বৰালিমাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়া
উল্লেখ্য যে,জিলাখনৰ বানাক্ৰান্ত অঞ্চসমূহ পৰ্বেবেক্ষণৰ দায়িত্ব মন্ত্ৰী পীযুষ হাজৰিকাক অৰ্পণ কৰিছিল ৰাজ্য চৰকাৰে ৷ কিন্তু সম্প্ৰতি মন্ত্ৰীগৰাকী নিজ সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৷ আনহাতে,ৰাইজৰ এই দুৰ্দশাৰ প্ৰতি কোনো গুৰুত্ব নাই স্থানীয় বিধায়ক ড৹ নজৰুল ইছলামৰো ৷ অৱশেষত উপায়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজ একত্ৰিত হৈ ব্ৰহ্মপুত্ৰৰ পাৰতে সাব্যস্ত কৰে প্ৰতিবাদ ৷
লগতে পঢ়ক-হোজাইত ভিক্ষা বৃত্তিত জড়িত কোৰোৱা দুই কিশোৰক উদ্ধাৰ