মৰিগাঁও, 2 ছেপ্তেম্বৰ : বুধবাৰে মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থা আৰু পাঁচটাকৈ তিৱা জাতীয় সংগঠনৰ সহযোগত মৰিগাঁও বিহুতলীত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয় । মৰিগাঁও বিহুতলী প্ৰাংগণত অনুষ্ঠিত ধৰ্মঘটত চৰকাৰ বিৰোধী শ্লোগান দি উত্তাল কৰে পৰিবেশ ।
বিশেষকৈ দীৰ্ঘদিন মধ্য অসমৰ তিৱা জনগোষ্ঠীটোক স্বাধিকাৰ আৰু স্বশাসনৰ নামত প্ৰতাৰণা কৰি আজিও ষষ্ঠ অনুসূচীভূক্ত নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে ষষ্ঠ অনুসূচীভূক্ত কৰিবলৈ দাবী জনায় ৷ সমান্তৰালভাৱে ৰাজ্যৰ জনবসতি পূৰ্ণ অঞ্চলত EIA খচৰা বিধেয়কখন অসম তথা উত্তৰ-পূৰ্বাঞ্চল বিৰোধী বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি অনতিপলমে উক্ত বিলখন খাৰিজ কৰাৰ বাবে দাবী জনায় চৰকাৰক ।