মৰিগাঁও, 18 ডিচেম্বৰ :মৰিগাঁও গান্ধী ভৱনৰ বাকৰিত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই শনিবাৰে প্ৰথমবাৰৰ বাবে অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্মজয়ন্তী (Asom Keshari Ambikagiri Roychoudhury birth anniversary) উপলক্ষে শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয় মহীৰূহগৰাকীক । মহীৰূহগৰাকীৰ প্ৰতিচ্ছবিত তিনিগছি বন্তি প্ৰজ্বলন কৰে ক্ৰমে বিশিষ্ট সাংবাদিক অজিত শৰ্মা, মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সম্পাদক ৰূপজ্যোতি মেধিয়ে । আনহাতে পুষ্পাঞ্জলি অৰ্পণ কৰে মৰিগাঁও জিলা মিডিয়া ক্লাৱৰ সভাপতি ৰাতুল ডেকা, ফটো সাংবাদিক ৰঞ্জন দাস, অসম নিউজ চেনেলৰ মৰিগাৱঁৰ সাংবাদিক ভৰত কুমাৰ নাথে ৷
মৰিগাঁৱত আছুৰ উদ্যোগত অসম কেশৰীৰ জন্মজয়ন্তী উদযাপন - অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী
আজি অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ 130 সংখ্যক জন্মজয়ন্তী ৷ ৰাজ্যৰ ঠায়ে ঠায়ে আয়োজন কৰা হয় অসম কেশৰীৰ জন্মজয়ন্তী ৷ মৰিগাঁও জিলাৰ আছুৰ নেতৃবৃন্দইও পালন কৰে মহীৰূহগৰাকীৰ জন্মজয়ন্তী ৷
উল্লেখ্য যে, অম্বিকাগিৰী ৰায়চৌধুৰী কুৰি শতিকাৰ অসমৰ এজন খ্যাতমান কবি, গীতিকাৰ, গায়ক, শক্তিশালী গদ্য লেখক, সংবাদ সেৱী, আলোচনী সম্পাদক, দেশপ্ৰেমিক, সমাজ সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সংগ্ৰামী সেনানী । ওৰে জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ চেষ্টা কৰা বাবে তেখেতক ‘অসম কেশৰী’ উপাধিৰে সম্বোধিত কৰা হয় । ১৯৫০ চনত তেখেত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল । অনুষ্ঠানত ৰাজ্যিক সাংবাদিকতা বঁটাৰে বিভূষিত বিশিষ্ট সাংবাদিক অজিত শৰ্মা আৰু জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে মহীৰূহগৰাকীৰ জীৱন দৰ্শনৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে ।
লগতে পঢ়ক :জোনাইত পাঁচ মিচিং জাতীয় সংগঠনৰ যৌথ অধিৱেশনৰ প্ৰস্তুতি তুংগত