অসম

assam

পুনৰ তদন্তকাৰী বিষয়াৰ জালত আন এজন ৰাজপত্ৰিত বিষয়া

By

Published : May 10, 2019, 2:45 AM IST

অসম লোকসেৱা আয়োগৰ ধন দি চাকৰি ক্ৰয় কেলেংকাৰীৰ সন্দৰ্ভত বৃহস্পতিবাৰে পুনৰ এজন ৰাজপত্ৰিত বিষয়াক আটক কৰে তদন্তকাৰী দলে ৷ আটকাধীন বিষয়াজন চিৰাং জিলাৰ কৃষি বিষয়া হিচাপে কৰ্মৰত মৃগেন হালৈ ৷

পুনৰ তদন্তকাৰী বিষয়াৰ জালত আন এজন ৰাজপত্ৰিত বিষয়া

মৰিগাঁও, 10 মে': ৰাজ্যজুৰি খলকনিৰ সৃষ্টি কৰা অসম লোকসেৱা আয়োগৰ বৃহৎ কেলেংকাৰীৰ তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰী দলে ৷ গুৱাহাটীৰ ভঙাগড় আৰক্ষীৰ থানাত চলি থকা 159/17 নং গোচৰৰ ভিত্তিত তদন্তকাৰী বিষয়া শুভাশীষ বৰুৱাই আটক কৰে চিৰাং জিলাৰ কৃষি বিষয়া মৃগেন হালৈক ৷

পুনৰ তদন্তকাৰী বিষয়াৰ জালত আন এজন ৰাজপত্ৰিত বিষয়া

দুৰ্নীতি সংঘটিত হোৱাৰ সময়ত অভিযুক্ত মৃগেন হালৈ মৰিগাঁৱত কৰ্মৰত হোৱাৰ বাবে তদন্তকাৰী বিষয়াই হালৈক মৰিগাঁৱত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়ে ৷ মৰিগাঁৱত সোধপোছৰ অন্তত আটক কৰা হয় মৃগেন হালৈক ৷ বৃহস্পতিবাৰে নিশা আছুতীয়াকৈ ৰাখি অধিক সোধপোচৰ অন্তত শুকুৰবাৰে বিশেষ আদালতত হাজিৰ কৰোৱা হ'ব হালৈক৷

ABOUT THE AUTHOR

...view details