অসম

assam

By

Published : Apr 19, 2021, 7:49 AM IST

ETV Bharat / state

মায়ঙত ৩৫৫ বছৰীয়া প্ৰাচীন পঞ্চ গোঁসাই উলিওৱা মেলা

তন্ত্ৰ-মন্ত্ৰৰ নামে খ্যাত মায়ঙত দেওবাৰৰ পৰা অনুষ্ঠিত হয় ৩৫৫ বছৰীয়া প্ৰাচীন পঞ্চ গোঁসাই উলিওৱা মেলা । এই মেলাৰ লগত সংগতি ৰাখি পঞ্চ দেৱতা নামে এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয় ।

মায়ঙত ৩৫৫ বছৰীয়া প্ৰাচীন পঞ্চ গোসাঁই উলিওৱা মেলা
মায়ঙত ৩৫৫ বছৰীয়া প্ৰাচীন পঞ্চ গোসাঁই উলিওৱা মেলা

মৰিগাঁও, 19এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ ঐতিহ্যমণ্ডিত মায়ঙত দেওবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৩৫৫ বছৰীয়া প্ৰাচীনতম ঐতিহ্যমণ্ডিত পঞ্চ গোঁসাই উলিওৱা মেলা আৰু গড় ভগা উৎসৱ । প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি, মায়ঙৰ বহু কেইটা স্থানৰ পৰা পাঁচ গৰাকী গোঁসাইক গায়ন-বায়ন, নামতীৰে আদৰি আনি মেলাস্থলীৰ অস্থায়ী বেদীত স্থাপন কৰা হয় ৷ অঞ্চলবাসীৰ কুশল-মংগল কামনাৰে আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷ এই মেলাৰ লগত সংগতি ৰাখি মায়ঙৰ প্ৰতীকী ৰজা তৰণী সিংহৰ উদ্যোগত মেলাস্থলীত অনুষ্ঠিত হয় ৰিজ পাৰিষদ ।

মায়ঙত ৩৫৫ বছৰীয়া প্ৰাচীন পঞ্চ গোসাঁই উলিওৱা মেলা

ইফালে, পঞ্চ গোঁসাই মেলাৰ লগত সংগতি ৰাখি 'পঞ্চ দেৱতা' নামৰ এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয় ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা ডঃ শীলা বৰাই উন্মোচন কৰে গ্ৰন্থখনী । এই অনুষ্ঠানৰ আঁতধৰে স্মৃতি গ্ৰন্থৰ সম্পাদক ডঃ উৎপল কুমাৰ নাথে ।

মায়ঙত ৩৫৫ বছৰীয়া প্ৰাচীন পঞ্চ গোসাঁই উলিওৱা মেলা

অন্য এক খবৰৰ বাবে: গোলাঘাটত পথ দুৰ্ঘটনা : এজন নিহত

ABOUT THE AUTHOR

...view details