মৰিগাঁও,3অক্টোবৰ :মৰিগাঁৱত 15 নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ধাৰাবাহিক ভাৱে সাব্যস্ত কৰা হ'ব প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিব এই প্ৰতিবাদ ৷ কেব,নামনি সোৱণশিৰি, নুমলীগড়ৰ তেল শোধনাগাৰক ব্যক্তিগত খণ্ডত বিক্ৰী কৰাৰ বাবে সংগঠনটোৱে সাব্যস্ত কৰিব প্ৰতিবাদ ৷ সংগঠনটোৰ সদস্যসকলৰ মন্তব্য অনুসৰি প্ৰতিখন জিলাতে সমদল, বিক্ষোভ প্ৰৰ্দশন কৰা হ'ব ৷ 20 নৱেম্বৰত কেবৰ বিৰোধিতা কৰি প্ৰতিখন আঞ্চলিক সমিতিয়ে জোঁৰ সমদল লৈ অসমীয়া ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিব ৷ শনিবাৰে মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিশেষ কাৰ্যনিৰ্বাহত এই সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে ৷
9 দিন ধৰি ৰাজ্য কঁপিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত - 9 days slow kampab unequal nationalist Youth Chat Council!
15 নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ মৰিগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিব প্ৰতিবাদ ৷ কেব, নামনি সোৱণশিৰি, নুমলীগড়ৰ তেল শোধনাগাৰক ব্যক্তিগত খণ্ডত বিক্ৰী কৰাৰ বাবে সংগঠনটোৱে সাব্যস্ত কৰিব প্ৰতিবাদ ৷
অন্য এক খবৰৰ বাবে :তিনিচুকীয়াৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত মুখ্যমন্ত্ৰী
আনহাতে, ২৭ নৱেম্বৰত নামনি সোৱনশিৰিৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ত্ৰিপাক্ষিক আলোচনাৰ সিদ্ধান্ত মৰ্মে বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন প্ৰকাশ নকৰাকৈ পুনৰ নামনি সোৱণশিৰিৰ জলবিদ্যুত প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব সংগঠনটোৱে ৷ একেদৰে নুমলীগড় তথা ৰাজহুৱাখণ্ডৰ উদ্যোগসমূহ ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধেও সাব্যস্ত কৰা হ'ব প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাৰ অভিযোগ অনুসৰি ৰাজ্যৰ আন জিলাৰ লগতে মৰিগাঁও জিলাৰ বহু লোক ক্ষতিগ্ৰস্ত হৈছিল গৰাখহনীয়া আৰু বানত ৷ কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷