অসম

assam

ETV Bharat / state

হাবিবৰঙাবাৰী উন্নয়নৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান

মৰিগাঁৱৰ হাবিবৰঙাবাৰী উন্নয়নৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰেৰণ । মিকিৰভেটা ৰাজহচক্ৰৰ বিষয়াৰ উপায়ুক্ত লৈ শীঘ্ৰে বৃহত্তৰ অঞ্চলটো উন্নয়নৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ ৷

স্মাৰক পত্ৰ প্ৰদান
স্মাৰক পত্ৰ প্ৰদান

By

Published : Sep 17, 2020, 5:09 AM IST

মৰিগাঁও, 16 ছেপ্টেম্বৰ : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ আহ্বান মৰ্মে বুধবাৰে হাবিবৰঙাবাৰী আঞ্চলিক সমিতিয়ে অঞ্চলৰ মূল সমস্যাৰাজিক লৈ মিকিৰভেটা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ পৰিষদৰ আঞ্চলিক সমিতিৰ সভাপতি জ্যোতি নাথ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কংকন বৰকাকতিৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰত সংগঠনটোৱে উল্লেখ কৰে যে স্বাধীনতাৰ ৭টা দশক পাৰ হৈ যোৱাৰ পিছতো হাবিবৰঙাবাৰী অঞ্চলবাসী ৰাইজৰ সমস্যা সমূহ কোনো এখন চৰকাৰে পূৰণ কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক ।

হাবিবৰঙাবাৰী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুস্থান ৰঙাদৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ নিৰ্মাণক লৈ হোৱা দুৰ্নীতি দূৰ কৰা, খেলপথাৰ নিৰ্মাণ কৰিবলৈ অধ্যক্ষ মহোদয়ে সম্পূৰ্ণ স্বেচ্ছাচাৰীভাৱে গঠন কৰা নিৰ্মাণ সমিতিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা তথা সমিতি গঠন প্ৰক্ৰিয়া পৰ্যালোচনা কৰা, ৰঙাদৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ মইমতালি আৰু অনুপস্থিতিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি বিদ্যালয়খনৰ হেৰাই যোৱা শিক্ষাৰ মানদণ্ড উন্নীত কৰিবলৈ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে ৷

হাবিবৰঙাবাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দুজন চিকিৎসক নিয়োগ কৰা আৰু স্বাস্থ্য কেন্দ্ৰটো ১০০খন বিছনাযুক্ত স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰা, হাবিবৰঙাবাৰী সাপ্তাহিক বজাৰত মূল্য নিৰ্ধাৰণৰ ফলকৰ ব্যৱস্থা কৰা ইত্যাদি দাবী সম্বলিত স্মাৰক পত্ৰ যোগেদি সমস্যাসমূহ সমাধান কৰিবলৈ উপায়ুক্ত মহোদয়ক অনুৰোধ জনোৱাৰ লগতে ৰঙাদৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমস্যা সমূহৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা ল'বলৈ অনুৰোধ জনায় সংগঠনটোৱে ৷

লগতে পঢ়ক :সংসদত বাঘজানৰ প্ৰসংগ উত্থাপন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

ABOUT THE AUTHOR

...view details