মৰিগাঁৱত কৃষি বিভাগৰ ব্যাপক দুৰ্নীতি! - agriculture department
প্ৰধানমন্ত্ৰী কিচান সন্মান নিধি আচনিৰ হিতাধিকাৰী পঞ্জীয়নত ব্যাপক অনিয়মৰ অভিযোগ ৷ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়াৰ নেতৃত্বত চলিছে কোটি টকা হৰলুকিৰ অভিসন্ধি ৷
মৰিগাঁও, 3 আগষ্ট : মৰিগাঁও জিলা কৃষিবিভাগত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আচনিত ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰি কোটি টকীয়া লুন্ঠনৰ পোহাৰ মেলিছে কৃষি বিষয়াই ৷ অভিযোগ অনুসৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিক ভৰিৰে মোহাৰি জিলা কৃষি উন্নয়ন বিষয়া মনোজ বৈশ্যৰ নেতৃত্বত কম্পিউটাৰ অপাৰেটৰ কৃষ্ণ কমল বৰা আৰু আন সহযোগীৰ বিৰুদ্ধে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গঢ় লৈছে ব্যাপক দুৰ্নীতি ৷ বৈশ্য বাহিনীয়ে গোপনে পাচৱৰ্ড সলনি কৰি ২৬০০০ ভুৱা কৃষকৰ নাম পঞ্জীয়ন কৰি ৰাজকোষৰ পৰা উলিয়াই নিয়াৰ বাবে ব্লুপ্ৰিণ্ট তৈয়াৰ কৰাৰ অভিযোগ উঠিছে ৷ জিলাখনৰ মায়ং,ধিং,মৈৰাবাৰী,ভুৰাগাঁও,লাহৰীঘাট আদিৰ অঞ্চলত বহু ভুৱা হিতাধিকাৰী পঞ্জীয়ন কৰা হৈছে ৷ আনকি গাঁৱত বাস নকৰা বসতি মানুহৰ নামও পঞ্জীয়ন হৈছে হিতাধিকাৰী তালিকাত ৷ এই বৃহৎ অংকৰ দুৰ্নীতি ফাদিল হোৱাৰ পাছত ঘটনা সন্দৰ্ভত গোচৰ কৃষি বিষয়া মনোজ বৈশ্যৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে ৷