অসম

assam

ETV Bharat / state

মৰিগাঁৱত CAA বাতিলৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ - প্ৰতিবাদী কাৰ্যসূচী

মৰিগাঁৱত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি আগত ৰাখি জাগীভকত গাঁৱত ছাত্ৰ সন্থাৰ উদ্যোগত ২৪ ঘণ্টীয়া অনশন CAA বাতিলৰ দাবীত ৷

Morigaon aasu hunger strike
মৰিগাঁৱত CAA বাতিলৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Sep 10, 2020, 9:04 PM IST

মৰিগাঁও,10 ছেপ্তেম্বৰঃৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো বিতৰ্কিত আইনখন বাতিলৰ দাবীত বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ৷ বৃহস্পতিবাৰে মৰিগাঁৱৰ জাগীভকত গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত "CAA " বাতিলৰ দাবীত ৰূপায়ন কৰিছে ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৷

মৰিগাঁৱত CAA বাতিলৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ইপিনে CAA বাতিল নকৰালৈকে প্ৰতিবাদ অৱ্যাহত ৰখাৰ হুংকাৰ ছাত্ৰ সংগঠনটোৰ প্ৰতিবাদকাৰী ছাত্ৰ নেতাৰ। প্ৰতিবাদকাৰী সকলৰ স্পষ্ট কথা এইখন চৰকাৰে অসমীয়া জাতিক প্ৰতিৰণা কৰিছে। ইপিনে দুজন মান তথাকথিত শিল্পীয়ে দুমুখীয়া চৰিত্ৰৰ এতিয়া নাগৰিকত্ব সংশোধনী আইন খন মানি ল’ব খোজাটোৱেই অসমীয়া ৰাইজে CAA মানি লৈছে তেনে নহয় ।

মৰিগাঁৱত CAA বাতিলৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

এইখন চৰকাৰে অসম আৰু অসমীয়াৰ ৰক্ষাৰ কথা কয় কিন্তু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি বিশ বছৰ ধৰি মথাউৰিত থকা লোকসকলৰ সংস্থাপন বিষয়ে এবাৰ চিন্তা কৰিলে নে এনেবোৰ প্ৰশ্নৰে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ছাত্ৰ সন্থাৰ সদস্য সকলে । সেয়েহে 2021 চনৰ বিধানসভা নিৰ্বাচনত অসমীয়া মানুহে শিক্ষা দিব বিজেপি চৰকাৰক বুলি কটাক্ষ কৰে প্ৰতিবাদী ছাত্ৰ নেতাই ।

মৰিগাঁৱত CAA বাতিলৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

লগতে পঢ়কঃগৰাখহনীয়াই গ্ৰাস কৰিছে মৰিগাঁৱৰ বৃহৎ অঞ্চল

ABOUT THE AUTHOR

...view details