মৰিগাঁও, 17 জুলাই : মৰিগাঁও জিলাৰ বন্যাৰ্ত্তক সাহাৰ্য দিবলৈ মুখ্যমন্ত্ৰীলৈ আম আদমী পাৰ্টীৰ সাতদফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে । বৃহস্পতিবাৰে আপৰ মৰিগাঁও জিলা সমিতিৰ মুখ্য সমন্বয়ক দিপাংকৰ ৰাজবংশী আৰু সাধাৰণ সম্পাদক মোস্তাফা কামালৰ নেতৃত্বত প্ৰদান কৰা হয় স্মাৰক পত্ৰ ।
বান সাহাৰ্যৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ - মুখ্য সমন্বয়ক দিপাংকৰ ৰাজবংশী
মৰিগাঁও জিলাত বন্যাৰ্তক বান সাহাৰ্য প্ৰদান কৰিবলৈ আম আদমি পাৰ্টীয়ে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে সাতদফীয়া দাবীসম্বলিত স্মাৰকপত্ৰ ৷
বান সাহাৰ্যৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ
বান সাহাৰ্যৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ
আপৰ মৰিগাঁও জিলা সমিতিৰ মুখ্য সমন্বয়ত দিপাংকৰ ৰাজবংশী আৰু সাধাৰণ সম্পাদক মোস্তাফা কামালৰ উদ্যোগত মৰিগাঁও জিলা উপায়ুক্ত ঋতু ৰাজ বৰাৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লৈ ক্ৰমে বানাক্ৰান্তসকলক চাউল,দালি,আতা,নিমখ,মিঠাতেল,আলু,তিৰপাল আৰু শিশু খাদ্য আদি শীঘ্ৰে যোগান ধৰিবলৈ দাবী জনাই । একেখন স্মাৰক পত্ৰতে দলটোৱে মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়াৰ বৈজ্ঞানিক পদ্ধতিৰে সমাধানৰ দাবী কৰে ।