মৰিগাঁও, 28 জানুৱাৰী : কেন্দ্ৰীয় শ্বহীদ কৃষক দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত পালন কৰা হয় শ্বহীদ কৃষক দিৱস ৷ সাম্ৰাজ্যবাদী বৃট্ৰিছ বাহিনীৰ অধিক খাজনা আদায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ শ্বহীদ হোৱা 140 গৰাকী কৃষকক শ্ৰদ্ধাঞ্জলি জনায় মৰিগাঁও জিলা কৃষি বিভাগে ৷ আনহাতে এই দিৱসৰ লগত সংগতি ৰাখি পাঁচ গৰাকী কৃষক ক্ৰমে হীৰেণ শৰ্মা (ভূৰবন্ধা কৃষিচক্ৰ), ৰাজুমণি ভূঞা (মিকিৰভেটা চক্ৰ), সোণাৰাম বণীয়া (গছৰগুৰি চক্ৰ), জোণ্টি আলী (জালুগুটি চক্ৰ) আৰু মুস্তাফা চহিদুল ইছলাম (মৈৰাবাৰী চক্ৰ)।
শ্বহীদ কৃষক দিৱস উপলক্ষে মৰিগাঁৱত 5 কৃষকক সম্বৰ্ধনা - অধিক খাজনা আদায়
মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত শ্বহীদ কৃষক দিৱস পালন ৷ বৃট্ৰিছ বাহিনীৰ অধিক খাজনা আদায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ শ্বহীদ হৈছিল 140 গৰাকী কৃষক ৷
শ্বহীদ কৃষক দিৱস উপলক্ষে মৰিগাঁৱত 5 কৃষকক সম্বৰ্ধনা
উক্ত সভাত জিলা কৃষি বিষয়া চৈয়দ ৰাজীবুৰ ৰহমান, লাহৰীঘাটৰ কৃষি উন্নয়ন বিষয়া ৰাজেন ডেকা, অশোক শৰ্মা, উদ্ধৱ ডেকা, বিনীতা বৰ্মণ, মুনিন শৰ্মাসহ কৃষি বিষয়াসকল উপস্থিত থাকি চাৰিওগৰাকী কৃষকক আদৰণি জনায় ।
লগতে পঢ়ক: এজোপা ২৫০ বছৰীয়া গছক কেন্দ্ৰ কৰি গঢ়ি উঠিছে আধ্যাত্মিক পৰম্পৰা
Last Updated : Jan 28, 2021, 5:27 PM IST