মৰিগাঁও, 22 মে’ : মৰিগাঁও জিলা প্ৰশাসনে ক’ভিড সম্পৰ্কে বিশেষ জাননী জাৰী কৰিছে ৷ জাননী অনুসৰি দোকান খুলিলে ৰাখিব লাগিব ক’ভিড নিগেটিভৰ প্ৰমাণ পত্ৰ । জাগীৰোডৰ সকলো ব্যৱসায়ীয়ে ক’ভিড নিগেটিভ প্ৰমাণ পত্ৰ ৰাখি ক’ভিড প্ৰটকল মানি চলি খোলা ৰাখিব পাৰিব দোকান-পোহাৰ ।
মৰিগাঁৱত দোকান খুলিবলৈ লাগিব ক’ভিড নিগেটিভ প্ৰমাণ পত্ৰ - ক’ভিড প্ৰটকল
মৰিগাঁৱত জাৰী কৰা নতুন জাননি অনুসৰি, জাগীৰোডৰ সকলো ব্যৱসায়ীয়ে ক’ভিড নিগেটিভ প্ৰমাণ পত্ৰ দেখুৱালে দোকান খুলিব পাৰিব ৷
মৰিগাঁও জিলা প্ৰশাসনৰ ক’ভিড সম্পৰ্কে জাননী জাৰি
এই নিৰ্দেশনা নামানিলে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰে ৷ ইয়াকে লৈ জাগীৰোডৰ ব্যৱসায়ীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে মৰিগাঁও চহৰত এই নীতি প্ৰযোজ্য কৰা নাই সেয়েহে মৰিগাঁও চহৰৰ ব্যৱসায়ীৰ সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক : আন্তঃজিলা যাতায়াত বন্ধই অথন্তৰ লগালে বিবাহ বিচ্ছেদত