ধিং,20 মে’: দেশত এতিয়া ক’ৰণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰিছে ৷ প্ৰতিদিনে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ব্যতিক্ৰম নহয় অসমো ৷ তাৰমাজতে ৰাজ্যবাসীৰ বাবে আন এক প্ৰত্যাহ্বাবান আহি পৰিছে বাৰিষা সমাগত হোৱাৰ লগে লগে ৷
উল্লেখযোগ্য যে, 2015 চনতে মৰিগাঁও জিলাৰ গ্ৰামোন্নয়ন বিভাগে নিৰ্মাণ কৰিছিল এটা মথাউৰি । তাৰ পাছতে 2015 চনতে ভূৰাগাঁৱৰ দীঘলী আটিৰ পৰা আমবাগানলৈ থকা ৭ কিঃমিঃ দৈৰ্ঘৰ মথাউৰিটোব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছিল । সেই 2015 চনৰ পৰাই আজি পৰ্যন্ত মথাউৰিটো উন্মুক্ত হৈ থাকিল ৷ যাৰ ফলত বাৰিষা সমাগত হোৱাৰ লগে লগে চিন্তিত হৈ পৰিছে লাহৰীঘাটবাসী ৷ কিয়নো প্ৰতি বছৰে উন্মুক্ত মথাউৰিয়ে বাঢ়নী পানী সোমাই বিস্তৃত্ব অঞ্চলটো কৃষি ভূমি প্লাবিত কৰাৰ লগতে ক্ষতি সাধন কৰি আহিছে পশু ধনৰ ।