অসম

assam

By

Published : Aug 13, 2022, 8:01 AM IST

Updated : Aug 13, 2022, 10:15 AM IST

ETV Bharat / state

জেহাদী প্ৰসংগত সৰৱ মৈৰাবাৰী জ্যেষ্ঠ নাগৰিক মঞ্চ

মৈৰাবাৰী জেষ্ঠ নাগৰিক মঞ্চই শুকুৰবাৰে মৈৰাবাৰী পাব্লিক লাইব্ৰেৰীত আয়োজন কৰে এক সংবাদমেলৰ(Moirabari senior citizen forum press meet) ৷ চাৰি লম্পটে এগৰাকী কিশোৰীৰ সৈতে বনোৱা অশ্লীল ভিডিঅ’ৰ তথ্য বাতৰি আকাৰে সম্প্ৰচাৰ কৰাৰ অপৰাধত দুজনকৈ সাংবাদিকক গ্ৰেপ্তাৰ কৰা ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে মঞ্চই ৷

সংবাদ মেলত জেহাদী সন্দৰ্ভত সৰৱ মৈৰাবাৰী জেষ্ঠ্য নাগৰিক মঞ্চ
সংবাদ মেলত জেহাদী সন্দৰ্ভত সৰৱ মৈৰাবাৰী জেষ্ঠ্য নাগৰিক মঞ্চ

মৰিগাওঁ,13 আগষ্ট:ৰাজ্যত অব্যাহত আছে ড্ৰাগছবিৰোধী অভিযান ৷ ৰাজ্য চৰকাৰ প্ৰশাসনে ড্ৰাগছ নিবাৰণৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো একাংশ যুৱকে নিষিদ্ধ ড্ৰাগছ,নিচাজাতীয় দ্ৰব্য সেৱন তথা ব্যৱসায় চলাই অহাৰ প্ৰকাশিত খবৰত গভীৰ উদ্বেগ প্ৰকাশ কৰে মৈৰাবাৰী জেষ্ঠ নাগৰিক মঞ্চই । জেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি ৰহম আলী আৰু সম্পাদক আব্দুল লতিফ চৌধুৰীয়ে শুকুৰবাৰে মৈৰাবাৰী পাব্লিক লাইব্ৰেৰীত আয়োজন কৰা এক সংবাদমেলত উল্লেখ কৰে যে যোৱা কিছুদিন পূৰ্বে কেইজনমান লম্পটে ব্ৰহ্মপুত্ৰ নদীত অশ্লীল ভিডিঅ' নিৰ্মাণ কৰা কাৰ্যটো অতি ঘৃণনীয় আৰু নিন্দনীয় ।

সামাজিক স্বাৰ্থত লম্পটকেইটাৰ অশ্লীল কাণ্ডৰ বাতৰি পৰিৱেশন কৰি সাংবাদিক গ্ৰেপ্তাৰ হবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক (condemn on journalist arrest)৷ দুয়োজন সাংবাদিকে ন্যায় পোৱাটো মঞ্চই কামনা কৰে । কোনো ধৰ্মীয় অনুষ্ঠানতে যিকোনো ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ বিৰোধিতা কৰে বুলি সংবাদ মেলখনত মঞ্চই স্পষ্ট কৰি দিয়ে (against anti national activities) ৷

ইপিনে, মৈৰাবাৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষাৰ্থীসকলৰ মাজত নিষিদ্ধ ড্ৰাগছ সেৱনৰ পৰা যুৱ প্ৰজন্মক কেনেকৈ ৰক্ষা কৰিব পৰা যায় সেই সন্দৰ্ভত সজাগতা অনাৰ বাবে সজাগতামূলক সভা-সমিতি অনাগত দিনত অনুষ্ঠিত কৰিব বুলি জেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি ৰহম আলী আৰু সম্পাদক আব্দুল লতিফ চৌধুৰীয়ে জানিবলৈ দিয়ে (awareness on drugs) ।

লগতে পঢ়ক:Journalist accused of sharing pornographic video: অশ্লীল ভিডিঅ’ শ্বেয়াৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ সাংবাদিক !

Last Updated : Aug 13, 2022, 10:15 AM IST

ABOUT THE AUTHOR

...view details