মৈৰাবাৰী, 11 ফেব্ৰুৱাৰীঃমৰিগাঁৱৰ এটা পৰিয়ালৰ কৰুণ গাঁথা ৷ এহাতে কোলাত বিশেষভাৱে সক্ষম নাতি আৰু মৃত্যুৰে যুঁজি থকা এঘাৰ বছৰীয়া কন্যা, আনহাতে দুই পুত্ৰও আক্ৰান্ত কোনো জটিল ৰোগত ৷
মৰিগাঁৱৰ এটা পৰিয়ালৰ কৰুণ গাঁথা - পেটৰ কোনো জটিল ৰোগ
মৈৰাবাৰীৰ ভজাইখাইটী গাঁৱৰ আৰ্থিকভাৱে দুৰ্বল খজলউদ্দিনৰ পৰিয়ালক প্ৰয়োজন ৰাইজৰ কিছু সহায়ৰ ৷ কিয়নো পৰিয়ালটোৰ জ্যেষ্ঠ পুত্ৰই দুমাহৰ আগতে হেৰুৱাইছে মানসিক ভাৰসাম্যতা, কনিষ্ঠ পুত্ৰও আক্ৰান্ত পেটৰ কোনো জটিল ৰোগত, এঘাৰ বছৰীয়া কন্যাৰ বিকল দুয়োটা বৃক্ক, বিশেষভাৱে সক্ষম জ্যেষ্ঠ পুত্ৰৰ কণমানি সন্তানটিও ৷
মৈৰাবাৰীৰ ভজাইখাইটী গাঁৱৰ খজলউদ্দিনৰ জ্যেষ্ঠ পুত্ৰ দিলৱাৰে দুমাহৰ আগতে হেৰুৱাইছে মানসিক ভাৰসাম্যতা ৷ বহিঃ ৰাজ্যলৈ কামৰ সন্ধানত গৈ, পেটৰ কোনো জটিল ৰোগত আক্ৰান্ত হৈছে কনিষ্ঠ পুত্ৰও ৷ দুয়োটা বৃক্ক বিকল হৈ পৰা পঞ্চম শ্ৰেণীত অধ্যয়নৰত কন্যা ৰহিমাও বৰ্তমান, চিকিৎসাৰ অভাৱত মৃত্যুকাতৰ যন্ত্ৰণাত পৰি ৰৈছে মজিয়াত ৷ লগতে জ্যেষ্ঠ পুত্ৰ দিলৱাৰৰ সন্তানটিও হৈছে বিশেষভাৱে সক্ষম ৷ এই সকলোবোৰ দেখিও যেন এতিয়া অসহায় পৰিয়ালৰ লোক ৷ কিয়নো তেওঁলোকৰ চিকিৎসাৰ বাবে পৰিয়ালৰ হাতত নাই পৰ্যাপ্ত ধন ৷ আৰ্থিকভাৱে জুৰুলা এই পৰিয়ালটোক খহনীয়াগ্ৰস্ত গাঁওবাসীয়ে কিছু পৰিমাণে সহায় কৰিছে যদিও, সেই সহায়ো পৰ্যাপ্ত নহয় পৰিয়ালটোৰ বাবে ৷ সেয়েহে তিনিটাকৈ জীৱন নিঃশেষ হ'বলৈ ধৰা এই পৰিয়ালটোক প্ৰয়োজন সকলোৰে আৰ্থিক সহায়ৰ ৷ ৰাইজৰ আহ্বান সকলোৱে যেন আগবাঢ়ি আহে পৰিয়ালটোৰ সহায়ৰ স্বাৰ্থত ৷ কোনো লোকেযদি এই পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে, SBI A/C- 36304702147 ( CIF NO - 89442275449)ত কিছু সহায়ৰ হাত আগবঢ়াব পাৰে ৷
লগতে পঢ়ক ঃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত নলবাৰীৰ এটি ফুলকুমলীয়া শিশু, অসহায় পিতৃ-মাতৃ