ধিং, 28 ছেপ্টেম্বৰ :হত্যা, ড্ৰাগছ, অস্ত্ৰ সৰবৰাহকে ধৰি বিভিন্ন অপৰাধৰ সৈতে জড়িত দুধৰ্ষ অপৰাধী মনিৰুদ্দিনক অৱশেষত গ্ৰেপ্তা কৰিলে মৈৰাবাৰীৰ আৰক্ষীয়ে ৷ মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীৰ মুৰৰ কামোৰণিৰ হৈ পৰা দুধৰ্ষ অপৰাধী মনিৰুদ্দিনে হত্যা, ড্ৰাগছ, অস্ত্ৰ সৰবৰাহৰ অভিযোগ কেইবা বাৰো কাৰাৰুদ্ধ হৈছে ৷ শেহতীয়াকৈ ম্যাদ উকলি যোৱা বিভিন্ন ঔষধ বিক্ৰীত জড়িত হৈ পৰিছিল মনিৰুদ্দিন ৷
অভিযোগ মতে, ২০২১ ত ম্যাদ ওকলা আইৰণ চিৰাপত লেবেল সলনি কৰি ২০২২ চনলৈ ম্যাদ থকা লেবেল লগাই মনিৰুদ্দিনে বিভিন্ন স্থানত বিক্ৰী কৰিছিল ৷ এই কাম মনিৰুদ্দিনে ঘৰতে আৰম্ভ কৰিছিল ৷ মনিৰুদ্দিনৰ এই ক’লা বেহাৰ সমগ্ৰ তথ্য লাভ কৰিছিল মৈৰাবাৰী আৰক্ষীয়ে ৷
লগতে পঢ়ক:অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম : আটক তিনি আৰক্ষী বিষয়া