মৰিগাঁও, 3 অক্টোবৰঃ সংঘাত বাঢ়িছে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী আৰু মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ । বুধবাৰে আৰু বৃহস্পতিবাৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে দুখন পৃথক পৃথক নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত সদৌ অসম ছাত্ৰ সন্থাক দিনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাতি ৰাতি বিধায়কৰ পৰা চান্দা লোৱা বুলি মৰিগাঁও জিলা ছাত্ৰ সংন্থাৰ বিৰুদ্ধে ৰাজহুৱাভাৱে অভিযোগ আনিছিল ৷ ইপিনে শুক্ৰবাৰে জিলা ছাত্ৰ সংন্থাৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি বিধায়ক ৰমাকান্ত দেউৰী উভতি ধৰি কয় যে, কোন ছাত্ৰ সংন্থাৰ কৰ্মী তথা বিষয়বৱীয়া দিনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাতি ৰাতি বিধায়ক ৰমাকান্ত দেউৰীৰ পৰা চান্দা লয় সকলো নাম ঠিকনা সময় ৰাজহুৱা কৰক । অন্যথা তিনি দিনৰ ভিতৰত ৰাজহুৱা ভাৱে ক্ষমা খোজক ।
ইপিনে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে ছাত্ৰ সন্থাক চান্দা লোৱা বুলি সমালোচনা কৰাৰ অধিকাৰ নাই । কাৰণ শাসকীয় বিধায়ক ৰমাকান্ত দেউৰীয়ে সকলো বিভাগৰ পৰা 10% কমিচন লৈ,কমিচন ৰাজ চলোৱাটো ৰাজহুৱা অভিযোগ উত্থাপন হৈ আহিছে । আনহাতে মৰিগাঁও উন্নয়ন ক্ষেত্ৰত কৰা কামবোৰ নিজৰ পুত্ৰ,ভাগিন,ভতিজাক দি মৰিগাঁও সমষ্টিৰ উন্নয়নত স্থবিৰতা অনাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ সন্থাই ।