অসম

assam

ETV Bharat / state

মৰিগাঁৱত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মকড্ৰিল - NGO

প্ৰাকৃতিক দুৰ্যোগ কালত কেনেকৈ ইয়াৰ মুখা-মুখি হ'ব পাৰি সেই বিষয়ে মৰিগাঁও অগ্নি নিৰ্বাপক বাহিনী আৰু দুৰ্যোগ প্ৰশমণ বিশেষজ্ঞ মৃগাংক নাথে এই বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে ।

মৰিগাঁৱত দুৰ্যোগ ব্যৱস্থাপনাৰ উপৰত মকড্ৰিল

By

Published : Jun 29, 2019, 9:12 AM IST

মৰিগাঁও , ২৯ জুন:শুকুৰবাৰে মৰিগাঁওস্থিত মনহা বালক বিদ্যালয়ৰ প্ৰাংগণত এক বিশেষ দুৰ্যোগ সজাগতা শিবিৰ অনুষ্ঠিত হয়। জিলাখনৰ ৩৩খন বিদ্যালয়ৰ প্ৰায় ১৯০০ ছাত্ৰ ছাত্ৰীয়ে এই দুৰ্যোগ সজাগতা শিবিৰত অংশগ্ৰহণ কৰে। প্ৰাকৃতিক দুৰ্যোগ কালত কেনেকৈ ইয়াৰ মুখা-মুখি হ'ব পাৰি সেই বিষয়ে মৰিগাঁও অগ্নি নিৰ্বাপক বাহিনী আৰু দুৰ্যোগ প্ৰশমণ বিশেষজ্ঞ মৃগাংক নাথে এই বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে ।

মৰিগাঁৱত দুৰ্যোগ ব্যৱস্থাপনাৰ উপৰত মকড্ৰিল

বিশেষকৈ হঠাৎ জুই লাগিলে তিতা বস্তা,গছৰ পাত,বালিৰে কেনেকৈ জুই নুমুৱাব পাৰি,ভূমিকম্প হ'লে কি কি কৰিব লাগে,পানীত ডুবিলে,পানীত ডুবি সংজ্ঞাহীনহলে,দুৰ্ঘটনাত পতিত হ'লে বা সৰ্পদংশন কৰা মানুহক কেনেকৈ চিকিৎসালয়লৈ নিব লাগে আৰু প্ৰাথমিক পদক্ষেপ হিচাপে কি কি কৰা উচিত সেই বিষয়ত উপস্থিত ছাত্ৰ ছাত্ৰী সকলক আভাস দিয়া হয়। আনহাতে মৰিগাঁও জিলা নাৰী উন্নয়ন সমিতিৰ প্ৰকল্প সমন্বয়ক শশীদানন্দ বৰদলৈয়ে বানপানী প্ৰৱণ এলেকাৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক সকলৰ মাজত যাতে হঠাৎ এনে দুৰ্যোগ সন্মুখীন হ'লে সময়োচিত পদক্ষেপ ল'ব পাৰে সেই বিষয়ে চমু বক্তব্য আগবঢ়ায় । উল্লেখ্য যে কিছুদিনৰ পূৰ্বে এগৰাকী ছাত্ৰীয়ে আন এগৰাকী ছাত্ৰীক উদ্ধাৰ কৰিবলৈ গৈ তিনিগৰাকীকৈ ছাত্ৰী পানীত বুৰ গৈছিল। এনেবোৰ ঘটনাৰ পৰা ৰক্ষা পৰিব পৰাকৈ এই সজাগতা শিবিৰৰ আয়োজন কৰা হয় বুলি নাৰী উন্নয়ন সমিতিৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details