মৰিগাঁও, ৩০ মাৰ্চ:আগন্তুক বানৰ সময়ত বা দুৰ্যোগৰ সময়ত যাতে সফলভাৱে ৰাইজক উদ্ধাৰ কৰিব পৰা যায় তাৰ বাবে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰ্যায়ত মৰিগাঁৱৰ চাৰণ বিলত অনুষ্ঠিত হয় উদ্ধাৰ অভিযানৰ এক অনুশীলন (Mock Drill at Morigaon Saran Beel)। বুধবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ অন্তৰ্গত দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত মৰিগাঁৱৰ চাৰণ বিলত দুৰ্যোগৰ সময়ত তথা বানৰ সময়ত দুৰ্গতসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত এছ ডি আৰ এফ, এন ডি আৰ এফৰ লগতে পেৰামেডিকেল দল, জনস্বাস্থ্য় কাৰিকৰী বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকলৰ তিনিদিনীয়া অনুশীলন আৰম্ভ হৈছে (SDRF) ।
মৰিগাঁও চাৰণবিলৰ পাৰত বুধবাৰে হঠাৎ লাগিল হুলস্থূল ৷ অস্বাভাৱিক হৈ পৰিল পৰিৱেশ (Disaster Management Department) ৷ পিছে কিয় এনে পৰিস্থিতি হ'ল তাক লৈ ৰাইজৰ মাজত হুৱাদুৱা লাগিল । মৰিগাঁও ৰাজ্য়িক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে তিনিদিনায়াকৈ আৰম্ভ হোৱা এই অনুশীলনৰ বিষয়ে ৰাইজে কিছুসময় পিছতহে জানিব পাৰে । কালি মৰিগাঁও চাৰণ বিলত এছ ডি আৰ এফৰ জৰিয়তে কেনেকৈ বানৰ সময়ত আৰ্তজনক সহায় কৰা হ'ব তাক লৈ এই সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷