অসম

assam

ETV Bharat / state

অত্যাচাৰী শাসক বহুত আছিল, ধূলিসাৎ হৈ গ’ল: ৰকিবুল হুছেইন - Rahul Gandhi Nyay Yatra

Rakibul Hussain : অত্যাচাৰী শাসক বহুত আছিল ৷ মানুহে কথা ক’বলৈ সাহস কৰা নাছিল ৷ কিন্তু সময়ত ধূূলিসাৎ হৈ গ’ল ৷ বিজেপিক সমালোচনা কৰি এইদৰে মন্তব্য ,কৰে ৰকিবুল হুছেইনে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ প্ৰতিও তেওঁ কয় যে ৰজাই সদায় ৰাজধৰ্ম পালন কৰিব লাগে ৷ স্থান, কাল, পাত্ৰ চাই কথা ক’ব লাগে ৷

mla Rakibul Hussain
মৰিগাঁৱত কংগ্ৰেছ নেতা ৰকিবুল হুছেইন

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 3:58 PM IST

মৰিগাঁৱত কংগ্ৰেছ নেতা ৰকিবুল হুছেইন

মৰিগাঁও, 11 জানুৱাৰী: ৰজাই সদায় ৰাজধৰ্ম পালন কৰিব লাগে । এই কথা প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে কৈছিল । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্যৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ৷

বুধবাৰে নিশা মৰিগাঁৱত বিৰোধীৰ উপ-দলপতি ৰকিবুল হুছেইনে শাসকীয় বিজেপি চৰকাৰক কটু ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হয় । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ভাতৃ সংগঠন এন এছ ইউ আইৰ উদ্যোগত নিশা অনুষ্ঠিত হোৱা মাঘৰ এনিশাত বিৰোধী দলৰ উপ-দলপতি তথা চামগুৰিৰ বিধায়ক ৰকিবুল হোছেইনে অংশগ্ৰহণ কৰে । বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক ৰকিবুল হুছেইনে মন্তব্য কৰে যে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে কৈছিল ৰজাই সদায় ৰাজধৰ্ম পালন কৰিব লাগে ।

ইয়াৰোপৰি তেওঁ কয় যে বহু অহংকাৰী শাসক দেখিছে ৰাইজে, কথা ক’বলৈ সাহস নকৰে । কিন্তু বেছিদিন সেই দৰ্প-অহংকাৰ নাথাকে। ৰাইজে সকলো চাই আছে । বিৰোধী দলপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্থান,কাল, পাত্ৰ চাই কথা ক’ব লাগে। কিন্তু আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰোবাৰ ভোট নালাগে বুলিয়েই কৈ দিয়ে।

ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা কাৰ্যসূচীৰ প্ৰসংগতো শাসকীয় বিজেপি চৰকাৰক সমালোচনা কৰে ৰকিবুল হুছেইনে ৷ শাসকীয় বিজেপি দলে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিৰোধিতা কৰা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক ৰকিবুল হুছেইনে কয়, ‘‘আমাৰ কংগ্ৰেছ দল ক্ষমতাত থকাৰ সময়ত আমাৰ দলেও চীনৰ দৰে ভাৰতত এক দলীয় শাসন ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেতেন। কিন্তু গণতন্ত্ৰৰ দেশত কংগ্ৰেছ দলে সেয়া নকৰিলে। কিন্তু বিজেপিয়ে কৰিছে ৷’’

লগতে পঢ়ক:ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা বিজেপিৰ; নলবাৰীত ভূপেন বৰা

ABOUT THE AUTHOR

...view details