ধিঙ,7 জানুৱাৰী:বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই বৃহস্পতিবাৰে নিজ পুঁজিৰে নিৰ্মাণ কৰি উলিওৱা দুটা অনুষ্ঠানৰ স্থায়ী কাৰ্যালয় উদ্বোধন কৰে ৷ বৃহস্পতিবাৰে বিধায়িকা গৰাকীয়ে ধিং প্ৰেছ ক্লাৱৰ স্থায়ী কাৰ্যালয় গৃহৰ শুভ উদ্বোধন কৰে ৷ ধিং প্ৰেছ ক্লাৱৰ স্থায়ী কাৰ্যালয়ৰ লগতে বিধায়িকা গৰাকীয়ে ধিং জ্যেষ্ঠ নাগৰিকৰ কাৰ্যালয় গৃহৰো উদ্বোধন কৰে ৷
জানিব পৰা মতে 1995 চনতে ধিং প্ৰেছ ক্লাৱ গঠিত হৈছিল যদিও দীৰ্ঘদিনৰ পৰা এটা স্থায়ী গৃহৰ অভাৱ হৈ আছিল ৷ অৱশেষত বিধায়িকা গৰাকীয়ে নিজ পুঁজিৰে ধিং প্ৰেছ ক্লাৱৰ স্থায়ী গৃহটো নিৰ্মাণ কৰাৰ বাবে লোৱা এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে ৷