মৈৰাবাৰী, 5 জানুৱাৰীঃ "বৃহত্তৰ অসমীয়া জাতিৰ বৃহত্তম অংগ মিঞা জনগোষ্ঠীক টাৰ্গেট কৰি কোনো মন্তব্য নকৰিব ড0 হিমন্ত বিশ্ব শৰ্মা ৷" দেওবাৰে মৈৰাবাৰীত এখন সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই সকীয়নি প্ৰদান কৰে মিঞা পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকে ৷ " চাচা, মামাৰ ভোট নালাগে ৷ চাচা, মামা সকল কোন সম্প্ৰদায়ৰ চিনাক্ত কৰিব লাগে ৷"জাগীৰোডৰ বিজেপিৰ শান্তি সমলত হিমন্ত বিশ্ব শৰ্মাই মিঞা পৰিষদকলৈ কৰা মন্তব্যৰ বাবে কেন্দ্ৰীয় সাংগঠনিক সম্পাদকগৰাকীয়ে মন্ত্ৰীগৰাকীক এনেধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে ৷
হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা মিঞা পৰিষদৰ - মৈৰাবাৰীত মিঞা পৰিষদৰ সংবাদ মেল
" চাচা, মামাৰ ভোট নালাগে ৷ চাচা, মামা সকল কোন সম্প্ৰদায়ৰ চিনাক্ত কৰিব লাগে ৷"
মিঞা পৰিষদ সংবাদমেল
ইয়াৰোপৰি সংবাদমেলত মিঞা পৰিষদৰ সদস্যই 2016 চনৰ পৰা মিঞা পৰিষদে নাগৰিকত্ব আইনৰ বিৰোধিতা কৰাৰ লগতে আজিও প্ৰতিবাদ কৰি আহিছে লগতে অনাগত দিনতো কৰি যাব কাৰণ মিঞা সকল অসমৰ খিলঞ্জীয়া ৷ যি সময়ত অসমৰ কলা,সংস্কৃতি, ভাষা বিপদত পৰিছে সেই সময়তেই মিঞা পৰিষদে অসমী আইৰ হৈ যুঁজ কৰিছে বুলিও মন্তব্য সংবাদ মেলত মন্তব্য কৰে ৷