অসম

assam

ETV Bharat / state

মৰিগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু - মৰিগাঁও অসমাৰিক চিকিৎসালয়

সোমবাৰে মৰিগাঁৱত ৰহস্যজনক ভাৱে মৃত্যুক আঁকোৱালি লয় আলিফ ইনামুল নামৰ এজনে যুৱকে ৷ মৰিগাঁৱৰ সমীপৱৰ্তী সোণাৰীগাঁৱত বন্ধুৰ বাহনত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ ৷ পৰিয়ালৰ দাবী এইয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷

মৃত যুৱকজন

By

Published : Oct 21, 2019, 5:38 PM IST

মৰিগাঁও,21 অক্টোবৰঃসোমবাৰে মৰিগাঁৱত ৰহস্যজনক ভাৱে মৃত্যুক আঁকোৱালি লয় আলিফ ইনামুল নামৰ এজন যুৱকে ৷ মৰিগাঁৱৰ সমীপৱৰ্তী সোণাৰীগাঁৱত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ ৷ মৃতকৰ পৰিয়ালৰ দাবী এইয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷

মৰিগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু

প্ৰাপ্ত তথ্য মতে,দেওবাৰে দুই বন্ধু ক্ৰমে তৈফিক আৰু ৰামিজুৰৰ সৈতে বিবাহ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল মৃত আলিফ ইমানুল ৷ ইয়াৰে পাচতেই যুৱকজনৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ ফলত সোমবাৰে পুৱা ভাগত মৰিগাঁও অসমাৰিক চিকিৎসালয় লৈ অনা হৈছিল মৃত আলিফ ইনামুল নামৰ যুৱকজনক ৷ কিন্তু চিকিৎসকে ইতিমধ্যে যুৱকজনক মৃত বুলি ঘোষণা কৰে ৷ আৰক্ষীয়ে মৃত যুৱকজনৰ পকেটৰ পৰা বিভিন্ন নিচা জাতীয় সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে তদন্তৰ বাবে দুই বন্ধু ক্ৰমে তৈফিক আৰু ৰামিজুৰক নিজৰ জিন্মাত ৰাখিছে ৷ ইপিনে,যুৱকজনৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে ৷ পৰিয়ালৰ লোকৰ দাবী নিশা বিয়া খাবলৈ যাওতেই তৌফিকে নিচাযুক্ত দ্ৰৱ্য সেৱন কৰাই হত্যা কৰিছে আলিফ ইনামুলক। মৰণোত্তৰ পৰীক্ষাৰ পাচতেহে পোহৰলৈ আহিব মৃত্যু প্ৰকৃত ৰহস্য ৷

ABOUT THE AUTHOR

...view details