অসম

assam

By

Published : Aug 6, 2023, 1:10 PM IST

ETV Bharat / state

Mission Indradhanush: সৰু আই টীকাকৰণৰ কাৰ্যসূচী সন্দৰ্ভত সংবাদমেল

মৰিগাঁৱত আগন্তুক ৭ আগষ্টৰ পৰা ১৪ অক্টোবৰ লৈ পালন কৰা হ'ব সৰু আই টীকাকৰণৰ কাৰ্যসূচী । শনিবাৰে জিলা আয়ুক্তৰ সভাকক্ষত সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰী কৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ফণী পাঠকে ।

Mission Indradhanush unveiled in Morigaon
সৰু আই টীকাকৰণৰ কাৰ্যসূচী সন্দৰ্ভত সংবাদমেল

সৰু আই টীকাকৰণৰ কাৰ্যসূচী সন্দৰ্ভত সংবাদমেল

মৰিগাঁও, ৬ আগষ্ট: সৰু আই সমগ্ৰ ভাৰতবৰ্ষৰ পৰা নিৰ্মূলকৰণৰ বাবে সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমান্তৰালভাৱে মৰিগাঁৱতো তিনিটা পৰ্যায়ত চলিব মিছন ইন্দ্ৰধনুষ ৫.০ । মৰিগাঁৱতো ৭ আগষ্টৰ পৰা ১৪ অক্টোবৰলৈ তিনিটা পৰ্যায়ত চলিব ।

শনিবাৰে, এক সংবাদমেল যোগে মৰিগাঁও যুটীয়া স্বাস্থ্য বিভাগে এই কথা সদৰী কৰে । মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আয়োজন কৰা সংবাদমেলখনত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ফণী পাঠকে উল্লেখ কৰে যে, জিলাখনৰ ১০ লাখ ৮৬ হাজাৰ ৪ শ ২৫ জন লোকৰ মাজত এক সমীক্ষা চলাইছিল ।

ইয়াৰে জন্মৰ পৰা ২ বছৰ পৰ্যন্ত ২৫৯৩ টা আৰু ২ বছৰৰ ৫ বছৰ পৰ্যন্ত ৭৬৮ টা ভেকচিন লাভ নকৰা শিশু চিনাক্ত কৰা হৈছে । আনহাতে, ৫৯৮ গৰাকী ভেকচিন নোপোৱা গৰ্ভৱতী মাতৃ এই সমীক্ষাত চিনাক্ত হৈছে । এই শিশু আৰু গৰ্ভৱতী মাতৃ নিয়মীয়া টীকাৰণৰ পৰা কোনো কাৰণত বাদ পৰি ৰ'ল যিসকল ভৱিষ্যতে ভেকচিন প্ৰতিৰোধ কৰিব পৰা আক্ৰান্ত হোৱাৰ সম্ভৱনা অধিক ।

গতিকে ভেকচিনৰ পৰা বাদ কৰি ৰোৱা শিশু আৰু গৰ্ভৱতী মাতৃৰ ক্ষেত্ৰত ভৱিষ্যতত দেখা দিব পৰা সম্ভাব্য বিপদৰ পৰা সুৰক্ষা দিবৰ বাবে এই সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ প্ৰক্ৰিয়া আৰম্ভ হৈছে । ৰাজ্যৰ স্বাস্থ্য বিভাগে আৰম্ভ কৰা মিছন ইন্দ্ৰধনুষ ৫.০ সফল কৰি তোলাৰ ক্ষেত্ৰত সংবাদকৰ্মী সকলৰ সহযোগিতা বিছাৰে মৰিগাঁও যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ফণী পাঠকে ।

সংবাদমেলখনত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ এডিচি দ্যোতিভা বৰা আৰু জনসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া তথা এডিচি তথা ডঃ সংগীতা বৰঠাকুৰ । উল্লেখ্য যে, চলিত বৰ্ষৰ ৭ আগষ্টৰ পৰা ১২ আগষ্টলৈ প্ৰথম, ১১ ছেপ্তেম্বৰৰ পৰা ১৬ ছেপ্তেম্বৰ লৈ আৰু ৯ অক্টোবৰ পৰা ১৪ অক্টোবৰলৈ মুঠ তিনিটা পৰ্যায়ত মৰিগাঁও জিলাত চলিব মিছন ইন্দ্ৰধনুষ ৫.০ ।

লগতে পঢ়ক:Gauripur mob lynching update: গৌৰীপুৰৰ গণপ্ৰহাৰকাণ্ডৰ মূল অভিযুক্ত আশ্ৰাফ আলীক গ্ৰেপ্তাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details