অসম

assam

By

Published : Jul 1, 2023, 8:35 PM IST

ETV Bharat / state

Piyush Hazarika: সাংসদ গৌৰৱ গগৈক প্ৰত্যাহ্বান পীযূষ হাজৰীকাৰ

বিহুৰ বিশ্ব অভিলেখত অংশ লোৱা মৰিগাঁও জিলাৰ বিহুৱা-বিহুৱতীক মাননি আৰু প্ৰমাণপত্ৰ বিতৰণ মন্ত্ৰী পীযূষ হাজৰীকাৰ ৷ ৰাজ্যৰ বিৰোধী দলসমূহ একত্ৰিত হোৱাকলৈয়ো প্ৰতিক্ৰিয়া মন্ত্ৰীগৰাকীৰ ৷

Piyush Hazarika
Piyush Hazarika

সাংসদ গৌৰৱ গগৈক প্ৰত্যাহ্বান পীযূষ হাজৰীকাৰ

মৰিগাঁও, ১ জুলাই :"প্ৰখৰ ৰ'দত থাকি অসমীয়া জাতীয় জীৱনৰ স্বাভিমান বিহুক গিণীজ বুক অৱ ৱল্ড ৰেকৰ্ড কৰা মৰিগাঁৱৰ লৰা- ছোৱালীক আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মাননি দিবলৈ মৰিগাঁৱত উপস্থিত হৈ আকৌ এবাৰ লৰা -ছোৱালীসকলক ধন্যবাদ জ্ঞাপন কৰিছো । " শনিবাৰে মৰিগাঁৱত এইদৰে মন্তব্য আগবঢ়ায় তথ্য আৰু জনংযোগ মন্ত্ৰী তথা জলসম্পদ মন্ত্ৰী পীযূষ হাজৰীকাই ।

ইপিনে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত মথাউৰি নিৰ্মাণ আৰু বানপানী সন্দৰ্ভত মৰিগাঁৱত মন্ত্ৰী পীযূষ হাজৰীকাই কয়," আমি সকলোৱে জানো যে মৰিগাঁও এখন বানবিধস্ত জিলা । যোৱা বছৰ মোৰ সমষ্টিতে কালভাৰ্ট ভাগি বানপানী হৈছিল । এতিয়া কালভাৰ্ট বনালো । "

জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই বিৰোধী দল সন্দৰ্ভতো মন্তব্য় কৰে । বিৰোধী দল সমূহ একত্ৰিত হোৱা সন্দৰ্ভত কয় যে বাঘে চাগে একেলগে পানী নাখায় । বাঘে সদায় ছাগলী খোৱা ধান্দাতে থাকিব । কংগ্ৰেছে বেলেগ ৰাজনৈতিক দল সমূহক ধ্বংস কৰাতে থাকিব ।

আনহাতে, গৌৰৱ গগৈ সন্দৰ্ভত মন্ত্ৰী পীযূষ হাজৰীকাই কয়,"যদি গৌৰৱ গগৈৰ সাহস আছে কলিয়াবৰৰ পৰা নিৰ্বাচন খেলক, মই শুনিছো নগাঁৱৰ পৰা নিৰ্বাচন খেলিব আহিব, ইমান সাহস নোহোৱা হ'ল নে গৌৰৱ গগৈৰ। ধিং আৰু ৰূপহী নাইকীয়া হোৱা বাবে গৌৰৱ গগৈয়ে কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ভয় কৰিছে গৌৰৱ গগৈয়ে । এয়া তুষ্টিকৰণ । অসমীয়া আৰু ভাৰতীয়ই ভোট নিদিয়া বাবে তেওঁ নগাঁৱলৈ আহিব বিছাৰিছে । " ধিং, ৰূপহী নহ'লে গৌৰৱ গগৈ জিকিব নোৱাৰে বুলি কটাক্ষ কৰে তথ্য আৰু জনংযোগ মন্ত্ৰী তথা জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ।

উল্লেখ্য় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাচতেই ৰাজ্য়জুৰি চৰ্চালৈ আহিছে কলিয়াবৰ লোকসভা সমষ্টি ৷ কিয়নো এই খচৰা প্ৰস্তাৱ অনুসৰি বিলুপ্তি ঘটোৱা হ’ব এই সমষ্টিটো ৷ সুদীৰ্ঘ সময় ধৰি এটা পৰিয়ালে প্ৰতিনিধিত্ব কৰি অহা এটা সমষ্টি ৷ এই সমষ্টিটো হৈছে কলিয়াবৰ লোকসভা সমষ্টি ।

লগতে পঢ়ক:Bihu World Record: এইবাৰ দিল্লীত ২৫ হাজাৰ ঢুলীয়া-নাচনীক লৈ প্ৰদৰ্শন কৰা হ’ব বিহু; মুখ্যমন্ত্ৰীৰ ঘোষণা

ABOUT THE AUTHOR

...view details